NORTHEAST NOW (Assamese)

খনি আৰু খনিজ সম্পদ বিভাগৰ কাম-কাজ পৰ্যালোচনা মুখ্য মন্ত্ৰী সোণোৱালৰ

September 26, 2019 7:17 am · এন ই নাও নিউজ
মুখ্য মন্ত্ৰী সোণোৱালৰ ফাইল ছবি

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বুধবাৰে জনতা ভৱনস্থিত মুখ্য মন্ত্ৰীৰ সভাকক্ষত ৰাজ্য চৰকাৰৰ খনি আৰু খনিজ  সম্পদ বিভাগৰ কাম-কাজ পৰ্যালোচনা কৰে।

পৰ্যালোচনামূলক বৈঠকত মুখ্য মন্ত্ৰীয়ে বিভাগটোক ইয়াৰ কাম-কাজ সম্বন্ধে জনসাধাৰণৰ মাজত সঠিক ধৰণে আলোকপাত কৰাৰ পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়ে।

মুখ্য মন্ত্ৰীয়ে ডিমা-হাছাও আৰু কাৰ্বি আংলং জিলাৰ চূণ-শিলৰ খনি সমূহৰ ব্যৱহাৰৰ দিশত আগন্তুক ১৫ দিনৰ ভিতৰতে সংশ্লিষ্ট সকলো পক্ষক সামৰি ৰাজহুৱা শুনানি অনুষ্ঠিত কৰাৰ ব্যৱস্থা ল’বলৈও বিভাগটোক নিৰ্দেশ দিয়ে।

ডিমা হাছাওৰ স্থানীয় সম্প্ৰদায় সমূহে তেওঁলোকৰ ভূমি খনিজ সম্পদ উদঘাটনৰ বাবে অনুমতি নিদিয়া বিষয় সম্বন্ধে পৰ্যালোচনা কৰাৰ ওপৰটো মুখ্য মন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে।

খনি আৰু খনিজ সম্পদ(উন্নয়ন আৰু নিয়ন্ত্ৰণ) সংশোধনী আইন, ২০১৫ অনুসৰি ডিষ্ট্ৰিক মিনাৰেল ফাউণ্ডেশ্যন ষ্ট্ৰাষ্ট সমূহে খনি থকা অঞ্চল সমূহত উন্নয়নী কাৰ্য্য চলোৱাটো বাধ্যতামূলক বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে বিভাগক এনেকুৱা কাম-কাজৰ চিত্ৰ আৰু প্ৰেজেণ্টেশ্বন সামৰি পৰৱৰ্তী বৈঠকত ভালদৰে উপস্থাপনৰ ব্যৱস্থা ল’বলৈও নিৰ্দেশ দিয়ে।

বৈঠকত শিৱল,বালি ইত্যাদিৰ লেখীয়া ক্ষুদ্ৰ খনিজ সম্পদ আহৰণৰ দিশত খনি আৰু খনিজ সম্পদ বিভাগৰ হৈ সংশ্লিষ্ট জিলাৰ উপায়ুক্তই চোৱা-চিতা কৰাৰ দিশৰ সম্ভাৱনীয়তা সম্পৰ্কেও আলোচনা কৰা হয়।

বৈঠকত খনি আৰু খনিজ সম্পদ বিভাগৰ মন্ত্ৰী চুম ৰংহাং, খনি আৰু খনিজ সম্পদ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব বি এছ ভাস্কৰ, মুখ্য মন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়াৰ উপৰি অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।

Related News