NORTHEAST NOW (Assamese)

“সেনা নমালেও মণিপুৰ সমস্যা সমাধান নহ’ব”-ৰাহুলৰ মন্তব্যৰ উত্তৰ হিমন্ত বিশ্ব শৰ্মাৰ

August 13, 2023 10:37 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: August 13, 2023 10:38 am

সেনাক দায়িত্ব দিলে দুদিনতে  শান্ত হৈ পৰিব মণিপুৰ। কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে কৰিছিল এই দাবী। তাৰেই প্ৰত্যুত্তৰ দিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় “মণিপুৰত সেনাবাহিনী নমালে কোনো লাভ নহ’ব। মণিপুৰৰ সমস্যাটো অন্তৰৰ পৰা সমাধান কৰিব লাগিব।”

সংসদত প্ৰধানমন্ত্ৰী মোদীয়ে দিয়া উত্তৰৰ পিছতে ৰাহুল গান্ধীয়ে দাবী কৰিছিল যে, “সেনাই দুদিনতে মণিপুৰ শান্ত কৰিব পাৰে। কিন্তু প্ৰধানমন্ত্ৰীয়ে মণিপুৰ জ্বলি থকাটো বিচাৰে। সেয়ে, আজি পৰিস্থিতি এনে এটা পৰ্যায় পাইছেগৈ।”

ৰাহুল গান্ধীয়ে অভিযোগ কৰে যে প্ৰধানমন্ত্ৰীয়ে মণিপুৰৰ সমস্যা সমাধান কৰিব নিবিচাৰে। এই সমস্যাটোক তেওঁ জীয়াই ৰাখিব বিচাৰে। কংগ্ৰেছ নেতাগৰাকীয়ে কয়, ‘ভাৰতীয় সেনাবাহিনীৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। কিন্তু প্ৰধানমন্ত্ৰীয়ে বিচাৰে মণিপুৰ জ্বলি থাকক। সেয়ে, আজি পৰিস্থিতি এনে এটা পৰ্যায় পাইছেগৈ।”

ৰাহুলৰ অভিযোগৰ প্ৰতিক্ৰিয়াত অসমৰ মুখ্যমন্ত্ৰী তথা উত্তৰ-পূব ভাৰতত নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই কয় যে মণিপুৰৰ সমস্যাৰ মূলতে গোষ্ঠী সংঘৰ্ষ। তাত সেনাৰ কৰিবলগীয়া একো নাই। গুলী নহয়, সমস্যাৰ সমাধান অন্তৰৰ পৰা বিচাৰি উলিয়াব লাগিব।” অৰ্থাৎ কংগ্ৰেছ নেতাৰ ‘প্ৰেমৰ দোকান’ৰ কথাৰ সুৰেই হিমন্তৰ মুখত শুনা গ’ল।

ৰাহুলক হিমন্তৰ প্ৰশ্ন, “সেনাবাহিনী নমাই সাধাৰণ মানুহক গুলীওৱাটোৱে আপোনাৰ মণিপুৰৰ বাবে প্ৰেছক্ৰিপচন নেকি?”

মণিপুৰৰ দীৰ্ঘদিনীয়া হিংসাত্মক পৰিস্থিতিৰ পিছত কিয় মোডী ৰাজ্যলৈ যোৱা নাছিল? ৰাহুল গান্ধীয়ে প্ৰশ্ন উত্থাপন কৰিছিল।

প্ৰত্যুত্তৰত হিমন্তই কয়, “ইমান দিনে তেওঁলোকে কৈ আছিল যে প্ৰধানমন্ত্ৰীয়ে সংসদলৈ আহি বক্তব্য দিব লাগে।” প্ৰধানমন্ত্ৰীয়ে বিবৃতি দিয়াৰ পিছত এতিয়া আন কথা কৈছে। এই সকলোবোৰেই ৰাজনীতিৰ খেল।”

Related News