NORTHEAST NOW (Assamese)

আদৰ্শ আচৰণ বিধি উলংঘা; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাৰণ দৰ্শোৱাৰ জাননী নিৰ্বাচন আয়োগৰ

October 27, 2023 7:31 am · এন ই নিউজ, গুৱাহাটী

ৰাজ্যৰ নির্বাচনৰ পূর্বে ছত্তীশগড়ত প্রচাৰৰ সময়ত অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই আদৰ্শ আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে ভাৰতীয় নির্বাচন আয়োগে৷

কংগ্ৰেছৰ প্ৰাৰ্থী মহম্মদ আকবৰৰ বিৰুদ্ধে শৰ্মাই কৰা মন্তব্য সাম্প্ৰদায়িক আছিল বুলি অভিযোগ কৰি কংগ্ৰেছ দলে দাখিল কৰা এজাহাৰৰ পিছতে এই জাননী জাৰি কৰা হৈছে।

ভাষণত শৰ্মাই কৈছিল, “এজন আকবৰ যদি কোনো ঠাইত আহে, তেওঁ ১০০ আকবৰ মাতি আনে। গতিকে, অতি সোনকালে তেওঁক পঠিয়াওক, নহ’লে মাতা কৌশল্য়াৰ ভূমি অশুচি হৈ পৰিব।”

লগতে পঢ়কঃ বিকশিত অসমৰ নমুনা! ধেমাজিত বাঁহৰ দলং ভাঙি আহত ২০ গৰাকী ছাত্ৰ-ছাত্ৰী

ভাৰতীয় নিৰ্বাচন আয়োগে শৰ্মাক ৩০ অক্টোবৰৰ সন্ধিয়া ৫ বজাৰ ভিতৰত এই জাননীৰ উত্তৰ দিবলৈ নিৰ্দেশ দিছে।

দোষী সাব্যস্ত হ’লে শৰ্মাৰ ওপৰত ছত্তীশগড়ত বিজেপিৰ হৈ প্ৰচাৰ চলোৱাত নিষেধাজ্ঞা আৰোপ কৰা হ’ব পাৰে।

Related News