NORTHEAST NOW (Assamese)

উত্তৰ পূবৰ ৩ খন ৰাজ্যত এনডিএৰ পৰাজয়ৰ বাবে কাক জগৰীয়া কৰিলে হিমন্ত বিশ্বই? সৰৱ গৌৰৱ

June 7, 2024 10:29 am · এন ই নাও নিউজ, গুৱাহাটী
সাংবাদিকৰ সৈতে মুখ্যমন্ত্ৰীৰ বাৰ্তালাপ। ফটোঃ ক্ৰীণশ্বট।

মণিপুৰ, নাগালেণ্ড আৰু মেঘালয়ত বিজেপিৰ নিৰ্বাচনী বিপৰ্যয়ৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাই ‘বিশেষ ধৰ্ম’ক জগৰীয়া কৰে। ইয়াৰ পিছতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজনীতিত বিতৰ্কৰ সূত্ৰপাত হৈছে।

বৃহস্পতিবাৰে এই সন্দৰ্ভত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰে। এসময়ৰ দলীয় সতীৰ্থ কটাক্ষ কৰি গৌৰৱে কয়, ‘পৰাজয়ৰ দায়িত্ব গ্ৰহণ কৰাৰ পৰিপক্কতা অসমৰ মুখ্যমন্ত্ৰীৰ নাই।’

তদুপৰি, গৌৰৱে মণিপুৰ, নাগালেণ্ড আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীক হিমন্তৰ মন্তব্যক গৰিহণা দিবলৈ আহ্বান জনাইছে। মন কৰিবলগীয়া যে এই তিনিখন ৰাজ্যত বিজেপি বা এন ডি এৰ মিত্ৰজোঁটৰ অংশীদাৰ চৰকাৰ চলি আছে।

লগতে পঢ়কঃ এক্সিট প’লৰ জৰিয়তে শ্বেয়াৰ দুৰ্নীতিৰ অভিযোগ; জেপিচি দাবীৰে আৰম্ভণিতে মোডীক চাপত পেলালে ৰাহুলে!

উল্লেখ্য যে মণিপুৰ, নাগালেণ্ড আৰু মেঘালয়ত বিজেপিৰ দুৰ্বল ফলাফলৰ বিষয়ে সোধা প্ৰশ্নৰ উত্তৰত হিমন্তই কৈছিল, ‘সেই ৰাজ্যবোৰত এটা বিশেষ ধৰ্মই মুকলিকৈ আমাৰ চৰকাৰৰ বিৰুদ্ধে গৈছিল আৰু সেই ৰাজ্যবোৰত সেই বিশেষ ধৰ্মৰ বহু লোক আছে। গতিকে ই এটা পাৰ্থক্য আনিলে। এয়া কোনো ৰাজনৈতিক পৰাজয় নহয়। কাৰণ কোনেও ধৰ্মৰ লগত যুঁজিব নোৱাৰে। ধৰি লওক কাইলৈ ​​যদি সকলো শংকৰাচাৰ্যই বহি কয় যে হিমন্তক পৰাজিত কৰিবই লাগিব, তেন্তে মই কেনেকৈ চাৰিজন শংকৰাচাৰ্যৰ লগত যুঁজিম? সাধাৰণতে তেওঁলোকে ৰাজনীতিত হস্তক্ষেপ নকৰে। কিন্তু এইবাৰ যি কাৰণতেই নহওক কিয়, তেওঁলোকে অসমৰ ৰাজনীতিতো হস্তক্ষেপ কৰিছে। ইয়াত আমি সেই বিশেষ ধৰ্মৰ ভোট নাপালোঁ।’

লগতে পঢ়কঃ ICC T20 World Cup: চলিত বিশ্বকাপত প্ৰথমটো অঘটন! ছুপাৰ অভাৰত পাকিস্তানক পৰাস্ত কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰই

হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যক গৰিহণা দি গৌৰৱ গগৈয়ে ছ’চিয়েল মিডিয়াত এটা পোষ্টত লিখিছে, ‘অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্বহীন আৰু অসংলগ্ন বক্তব্যক গৰিহণা দিছো। মণিপুৰ, মেঘালয়, নাগালেণ্ডত এন ডি এৰ পৰাজয়ৰ দায়িত্ব ল’ব পৰা পৰিপক্কতা তেওঁৰ নাই। মই সংশ্লিষ্ট ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলক এই মন্তব্যক ৰাজহুৱাভাৱে গৰিহণা দিবলৈ আহ্বান জনাইছো। আমি একেলগে উত্তৰ-পূৰ্বাঞ্চলৰ অনন্য পৰিচয় ৰক্ষা কৰিব লাগিব।’

মণিপুৰ, নাগালেণ্ড আৰু মিজোৰামত কংগ্ৰেছ আৰু আঞ্চলিক দলসমূহৰ মাজত বিজেপি আৰু ইয়াৰ মিত্ৰ দলসমূহৰ বিপৰ্যয় ঘটিছে। নাগালেণ্ড আৰু মেঘালয় প্ৰধানকৈ খ্ৰীষ্টান ধৰ্মাৱলম্বী। আনহাতে মণিপুৰতো খ্ৰীষ্টান জনসংখ্যা উল্লেখযোগ্য।

এই পৰিস্থিতিত মেঘালয়ত ভয়েচ অৱ পিপল পাৰ্টি আৰু কংগ্ৰেছে জয়লাভ কৰে। নাগালেণ্ডৰ একমাত্ৰ লোকসভা আসনত কংগ্ৰেছ প্ৰাৰ্থী এছ চুপংমেৰেন জমিৰে শাসকীয় নেচনেলিষ্ট ডেম’ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টিৰ প্ৰাৰ্থী চুমেন মুৰীক ৫০ হাজাৰৰো অধিক ভোটত পৰাস্ত কৰিছে। মণিপুৰতো বিজেপিয়ে লোকসভাৰ দুয়োখন আসন হেৰুৱাইছে। 

Related News