NORTHEAST NOW (Assamese)

জ্বৰে এৰিলেও কৰ্পটিয়ে নেৰে! ক্ষমা খুজি বিপদহে চপালে নেকি মন্ত্ৰী সঞ্জয় কিষাণে?

May 28, 2022 3:21 pm · এন ই নাও নিউজ,গুৱাহাটী

জ্বৰে এৰিলেও কৰ্পটিয়ে এৰা নাই মন্ত্ৰী সঞ্জয় কিষাণক।

আলফা (স্বাধীন)ক্ষমা খুজি কিবাকৈ নিস্তাৰ পোৱা বুলি ভবা সঞ্জয় কিষাণ এইবাৰ চৰকাৰৰ চকুত পৰিছে। আলফাক কিয় ক্ষমা বিচাৰিব? এইকথাতে ৰুষ্ট হৈ পৰা চৰকাৰে এইবাৰ মন্ত্ৰীগৰাকীলৈ প্ৰেৰণ কৰিছে কাৰণ দৰ্শোৱাৰ জাননী।

অৱশ্যে বান শুকাই খৰ মৰাৰ দৰে ক্ষমা খুজি বিষয়টো তাপ মাৰি থোৱাৰ বহুদিন পিছতহে যেন চৰকাৰে সাৰ পালে। মন্ত্ৰী সঞ্জয় কিষাণে আলফাক ক্ষমা খোজাৰ ভালেমান দিন পিছত শেহতীয়াকৈ অসম চৰকাৰে বিষয়টোক লৈ মন্ত্ৰীগৰাকীক জবাবদিহি কৰিছে।

উল্লেখ্য আলফা শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে বিজু গগৈৰ বিষয়ত আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক মিছলীয়া আখ্যা দিছিল। ইয়াৰ পিছতে ২৪ ঘণ্টাৰ ভিতৰত আলফাই মন্ত্ৰীগৰাকীক ক্ষমা খুজিবলৈ কৈছিল।

ক্ষমা নুখুজিলে মন্ত্ৰীগৰাকীক দুখন জিলাত নিষিদ্ধ কৰাৰো ভাবুকি দিছিল আলফাই ।কিন্তু ২৪ ঘণ্টা নৌহওঁতেই সঞ্জয় কিষাণে আলফা স্বাধীনক ক্ষমা বিচাৰে।

ক্ষমা বিচাৰি সঞ্জয় কিষাণে কৈছিল- ‘‘মই পৰেশ বৰুৱা ডাঙৰীয়াৰ মনত আঘাত দিব পৰা কোনো কথাই কোৱা নাছিলোঁ ৷ যদিহে মোৰ কথাই তেওঁৰ মনত আঘাত কৰিছে, তেন্তে মই নিজে দুঃখিত অনুভৱ কৰিছোঁ ৷ অসমৰ উন্নয়নৰ স্বাৰ্থত সকলোৱে সমিল-মিলেৰে আগবাঢ়িব লাগিব।’’

ফেচবুকত কবিতা লিখা অথবা বিপ্লৱৰ গোন্ধ থকা পোষ্ট দিয়া লোককো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি গৈছে যদিও সঞ্জয় কিষাণক কিয় একো কৰা নাই বুলি ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা হৈছিল।

Related News