NORTHEAST NOW (Assamese)
Popular Stories

মুখ্যমন্ত্ৰীয়ে অবিলম্বে পদত্যাগ আৰু নিৰ্বাচন আয়োগে তেওঁৰ মনোনয়ন পত্ৰ বাতিল কৰক- চিপিআই(এম)

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 5, 2026 10:11 pm

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে উত্থাপিত শেহতীয়া গুৰুতৰ অভিযোগক লৈ ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপট উত্তাল হৈ পৰিছে। কংগ্ৰেছ দলে নতুন দিল্লীত অনুষ্ঠিত এখন সংবাদ মেলত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে একাধিক বিদেশী পাছপোৰ্ট আৰু বিদেশত লুকুৱাই ৰখা সম্পত্তিৰ অভিযোগ উত্থাপন কৰাৰ পিছতে, ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) চমুকৈ চিপিআই(এম)ৰ অসম ৰাজ্যিক সমিতিয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এক প্ৰেছ বিবৃতিযোগে বাওঁপন্থী দলটোৱে এই অভিযোগসমূহৰ উচিত তদন্তৰ স্বাৰ্থত মুখ্যমন্ত্ৰীৰ তাৎক্ষণিক পদত্যাগ আৰু তেওঁৰ নিৰ্বাচনী মনোনয়ন পত্ৰ বাতিলৰ দাবী জনাইছে।

কংগ্ৰেছৰ মুখপাত্ৰই উত্থাপন কৰা অভিযোগ অনুসৰি, মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ নামত সংযুক্ত আৰৱ আমিৰশ্বাহী, ইজিপ্ত আৰু এণ্টিগুৱা-বাৰ্বুডাৰ দৰে তিনিখন সুকীয়া বিদেশী ৰাষ্ট্ৰৰ সক্ৰিয় পাছপোৰ্ট আছে। চিপিআই(এম)এ আঙুলিয়াই দিয়ে যে ভাৰতীয় সংবিধান আৰু নাগৰিকত্ব আইন অনুসৰি কোনো ভাৰতীয় নাগৰিকে দ্বৈত বা একাধিক ৰাষ্ট্ৰৰ নাগৰিকত্ব গ্ৰহণ কৰিব নোৱাৰে। তদুপৰি, মুখ্যমন্ত্ৰীৰ পত্নীৰ নামত ডুবাইত থকা বিশাল সম্পত্তি আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাইওমিং ৰাজ্যত পঞ্জীভুক্ত এটা কোম্পানীৰ তথ্য মুখ্যমন্ত্ৰী ড° শৰ্মাই চলিত বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰৰ লগত দাখিল কৰা শপতনামাত গোপন কৰি ৰখা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে। নিৰ্বাচনী আইন অনুসৰি এনেদৰে সম্পত্তিৰ তথ্য লুকুৱাই ৰখাটো এক ডাঙৰ অপৰাধ বুলি বাওঁপন্থী দলটোৱে প্ৰকাশ কৰিছে।

এই গুৰুতৰ অভিযোগসমূহক ৰাষ্ট্ৰীয় নিৰাপত্তা, আইনী আৰু সাংবিধানিক সংকটৰ সৈতে জড়িত বুলি অভিহিত কৰি চিপিআই(এম)ৰ অসম ৰাজ্যিক সমিতিৰ সম্পাদক সুপ্ৰকাশ তালুকদাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক শীঘ্ৰেই এক উচ্চপৰ্যায়ৰ তদন্ত আৰম্ভ কৰিবলৈ দাবী জনায়। তদন্ত প্ৰক্ৰিয়াটো স্বচ্ছ আৰু নিৰপেক্ষ হোৱাটো নিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ পদৰ পৰা পদত্যাগ কৰাটো অপৰিহাৰ্য বুলি তেওঁলোকে মন্তব্য কৰে। ইয়াৰ উপৰিও, ভাৰতৰ নিৰ্বাচন আয়োগক এই স্পৰ্শকাতৰ বিষয়টোত তৎকালে হস্তক্ষেপ কৰিবলৈ আহ্বান জনাই চিপিআই(এম)এ দাবী কৰিছে যে যদি শপতনামাত তথ্য গোপন কৰাৰ অভিযোগ প্ৰমাণিত হয়, তেন্তে নিৰ্বাচন আয়োগে মুখ্যমন্ত্ৰী শৰ্মাৰ প্ৰাৰ্থিত্ব বাতিলৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।