NORTHEAST NOW (Assamese)
Popular Stories

অসমবাসীক মুখ্য মন্ত্ৰীৰ বিহুৰ শুভেচ্ছা; মঙলবাৰে সন্ধিয়া সকলোকে বন্তি জ্বলাবলৈ আহ্বান

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা April 13, 2020 1:23 pm

সমূহ ৰাজ্যবাসীলৈ অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনাইছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

আজি মহানগৰীৰ খাৰঘুলিত থকা নিজৰ চৰকাৰী বাসভৱন ব্ৰহ্মপুত্ৰ গেষ্ট হাউচত এক সংবাদমেল সম্বোধন কৰি মুখ্য মন্ত্ৰীয়ে ৰাইজক বিহুৰ শুভেচ্ছা জনোৱাৰ লগতে সমাজত মিলা-প্ৰীতি আৰু ভাতৃত্বৰ বান্ধোন অধিক সুদৃঢ় কৰিব বুলি আশা প্ৰকাশ কৰে।

আনহাতে এইবাৰ ক’ৰ’না ভাইৰাছৰ বাবে অব্যাহত থকা ল’কডাউনত অসমবাসীক মঙলবাৰে মানুহৰ বিহুৰ দিনা সন্ধিয়া ৬ বজাত এগছি বন্তি জ্বলাই প্ৰাৰ্থনা কৰিবলৈ আহ্বান সোণোৱালে জনায়।

তেওঁ কয়, ‘আমি সমগ্ৰ বিশ্বৰ মানৱ সমাজৰ লগতে অসমতো ঐক্যবদ্ধ যুঁজ দিবলগীয়া হৈছে ক’ৰ’নাৰ বিৰুদ্ধে। প্ৰতিটো অঞ্চলত ৰাইজে প্ৰধানমন্ত্ৰীৰ আহ্বানক সঁহাৰি জনাইছে। এই সময়চোৱাত ৰাইজৰ বহু কষ্ট হৈছে, কিন্তু এই দায়িত্ব আমি পালন কৰিবই লাগিব। কাইলৈ মঙলবাৰে সন্ধিয়া ৬ বজাত নিজ নিজ পদ্ধতিৰে এগছি বন্তি জ্বলাই প্ৰাৰ্থনা কৰিব লাগে।’

‘সামাজিক দূৰত্ব বৰ্তাই ৰখাত ৰাইজে যেনেদৰে ভূমিকা লৈছে সেয়া অত্যন্তই জৰুৰী। অসম চৰকাৰৰ যিসকল কৰ্মকৰ্তাই ক’ৰ’নাৰ বিৰুদ্ধে সন্মুখৰ পৰা নেতৃত্ব দিছে ধন্যবাদ জনাইছো। জৰুৰীকালীন সেৱাত নিয়োজিত আৰু নিষ্ঠাসহকাৰে কাম কৰি থকা সাংবাদিকসকলকো কৃতজ্ঞতা জনাইছো।’ তেওঁ লগতে কয়।

ইপিনে ৰাজ্যত আজিৰ পৰা সুৰাৰ বিপনীসমূহ খোলাৰ সম্পৰ্কত তেওঁ কয়, ‘ভাৰত চৰকাৰে দিয়া নিৰ্দেশনা আমি পালন কৰিব লাগিব। কোনো পৰিস্থিতিতে যাতে কোনো ব্যক্তিয়ে সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ ক্ষেত্ৰত অৱহেলা নকৰে।’