NORTHEAST NOW (Assamese)
অসম

কৰ’না যোদ্ধা চিকিৎসক,নাৰ্ছ তথা স্বাস্থ্যকৰ্মীক বিশেষ ডুডলেৰে অভিনন্দন Googleৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 13, 2020 2:16 pm
coronavirus-google-thanks-doctors-nurses-medical-workers-with-a-nice-doodle

বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা কৰ’না ভাইৰাছ মহামাৰীৰ বিৰুদ্ধে যুঁজত প্ৰথমশাৰীৰ যোদ্ধা হিচাপে অৱতীৰ্ণ হৈছে চিকিৎসক,নাৰ্ছ তথা স্বাস্থ্যকৰ্মীসকলে। তেওঁলোকক এইবাৰ অভিনন্দন জনালে গুগলে।

এটা বিশেষ ডুডলেৰে প্ৰথমশাৰীৰ কৰ’না যোদ্ধাসকলক ধন্যবাদ জনালে গুগলে।

ডুডলত এটা হাৰ্টৰ ইম’জি আছে য’ত মাউছ ঘুৰালেই আহে এক বাৰ্তা। তাত লিখা আছে, ‘’সকলো চিকিৎসক, নাৰ্ছ আৰু স্বাস্থ্যকৰ্মী, আপোনালোকক ধন্যবাদ।

মাৰাত্মক ভাইৰাছত আটাইতকৈ অধিক আক্ৰান্ত হোৱাৰ সম্ভাৱনা চিকিৎসক, নাৰ্ছ আৰু স্বাস্থ্যকৰ্মীসকলৰ।

ভাৰতকে ধৰি আন দেশসমূহতো চিকিৎসক, নাৰ্ছ তথা স্বাস্থ্যকৰ্মী কৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ বাতৰি পোৱা গৈছে। আনকি ইয়াৰে একাংশই মৃত্যুকো সাৱটি লৈছে।

জৰুৰীকালীন সেৱাত নিয়োজিত এই যোদ্ধাসকলৰ  সেৱাৰ প্ৰতি সন্মান জনাই সোমবাৰে গুগলে প্ৰস্তুত কৰিছে এই বিশেষ ডুডল।

ডুডলত লিখা ৰৈছে,’বিশ্বজুৰি মানুহৰ ওপৰত কোভিড-১৯য়ে প্ৰভাৱ পেলাইছে। মানুহ এই সময়ত ইজনে সিজনৰ কাষত আহি থিয় দিছে। সেই সকলকে শ্ৰদ্ধা আৰু সন্মান জনাবলৈ গুগলে এটি ছিৰিজ আৰম্ভ কৰিছে।‘’