NORTHEAST NOW (Assamese)

প্ৰদূষণ সৃষ্টি কৰাৰ বাবে আম্বানীক গতোৱা হ’ল নেকি দুটাকৈ ব্লেক পান্থাৰ? মুখ্যমন্ত্ৰীৰ কাণ্ডত সৰ্বত্ৰে প্ৰতিক্ৰিয়া

April 5, 2021 8:16 pm · কল্পজ্যোতি শইকীয়া

ধৰি লওক আপুনি কাৰোবাক প্ৰশ্ন কৰিছে আপুনি কিয় অবিবাহিত? তেওঁৰ পৰা উত্তৰ আহিল নহয়, মই নিৰামিষভোজী।

এই কথাৰ অৱতাৰণা আমি এনেই কৰা নাই। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেই এই কথাৰ অৱতাৰণা কৰিবলৈ বাধ্য কৰাইছে। চ’ছিয়েল মেডিয়া এতিয়া এটা বিষয় লৈ তালফাল লাগিছে।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা টেলিভিছন চেনেল Times Nowত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এটা সাক্ষাৎকাৰত সাংবাদিকে চিধা প্ৰশ্ন আৰু মুখ্যমন্ত্ৰী সোণোৱালে দিয়ে সংগতিহীন উত্তৰ।

সাংবাদিকৰ প্ৰশ্ন ‘কেনেকৈ অসম ৰাজ্যিক চিৰিয়াখানাৰ দুটাকৈ ঘোং আম্বানীৰ চিৰিয়াখানালৈ পঠিয়ালে? তথা আম্বানীৰ হাতত অসম চিৰিয়াখানা গতোৱা বুলি অভিযোগ উঠিছে, এই সন্দৰ্ভত আপুনি কি ক’ব।’

মুখ্যমন্ত্ৰীৰ উত্তৰ ‘আমি প্ৰদুষণমুক্ত অসম গঢ় দিছো, কাজিৰঙাত পূৰ্বতকৈ বহু উন্নয়ন হৈছে, আমি ১০ কোটি নতুন নতুন উদ্ভিদ ৰোপন কৰিছো, জংঘলত জীৱ-জন্তুৰ সংখ্যা বাঢ়িছে।‘

বাৰেপতি সাংবাদিকগৰাকীয়ে তেওঁক এই প্ৰশ্ন কৰি গ’ল যদিও মুখ্যমন্ত্ৰীগৰাকীৰ পৰা এই সন্দৰ্ভত কোনোধৰণৰ উত্তৰ নাপালে সাংবাদিকৰগৰাকীয়ে। অৱশেষত সাংবাদিকৰ প্ৰশ্নক কংগ্ৰেছৰে ৰিজালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

‘আপুনি কৰা প্ৰশ্নটো কংগ্ৰেছৰ প্ৰশ্ন। এইবোৰৰ কিছুমান নীতি নিয়ম থাকে। আমি জীৱ-জন্তুক সুৰক্ষা দিছো।

ইয়াক লৈ এতিয়া সৰ্বত্ৰে তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। গৰম হৈ উঠিছে ফেচবুকৰ টাইমলাইন। ‘অসমখনক প্ৰদুষণমুক্ত কৰিবলৈ সোণোৱালে ঘোং দুটাক আম্বানীৰ চিৰিয়াখানালৈ পঠালে নেকি?’ সোণোৱালক লৈ ছ’চিয়েল মেডিয়াত এনেদৰেই উপলুঙা কৰিলে বিভিন্নজনে।

সোণোৱালৰ কথাৰ পৰাই যেন আওপকীয়াকৈ হ’লেও এই কথা স্পষ্ট হৈ পৰিছে। মুখ্যমন্ত্ৰীৰ কাণ্ডক লৈ ক্ষোভ উজাৰিছে চিৰিয়াখানা সুৰক্ষা মঞ্চই। মুখ্যমন্ত্ৰীৰ এই কাণ্ডক ‘চৰম অসভ্যালি’ আখ্যা চিৰিয়াখানা সুৰক্ষা মঞ্চৰ’। ‘ঘোং দুটাই প্ৰদুষণমুক্ত অসম গঢ়াত বিঘিনি ঘটাইছিল নেকি?

মঞ্চৰ মতে জাৰ্মানীৰ শাসক ‘হিটলাৰ’ৰ ভুমিকা ল’লে সৰ্বানন্দ সোণোৱালে। চিৰিয়াখানাক আম্বানীৰ হাতলৈ যোৱাত বুকু পাতি বাধা দিব চিৰিয়াখানা সুৰক্ষা মঞ্চই।

ইপিনে, ৰাষ্ট্ৰীয় সংবাদমাধ্যমত এই কাণ্ড সংঘটিত কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সমগ্ৰ অসমবাসীক দেশবাসীৰ ওচৰত লজ্জানত কৰা বুলিও একাংশই চ’ছিয়েল মেডিয়াত কটাক্ষ কৰিছে।

Related News