NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰ আৰু কলিয়াবৰত অসম চৰকাৰৰ প্ৰস্তাৱিত আদৰ্শ হাই স্কুলৰ আধাৰশিলা স্থাপন

Posted by: পাৰ্শ্বজ্যোতি গগৈ, ৰিদীপ শৰ্মা Updated by: পাৰ্শ্বজ্যোতি গগৈ, ৰিদীপ শৰ্মা November 1, 2020 5:45 pm
20201101_162911

আজি সমগ্ৰ ৰাজ্যত ১১৯ খন চাহ বাগিছাত আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় স্থাপনৰ এক অভিলাষী আঁচনিৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰা হয়।

এই আঁচনিৰ অধীনত শিৱসাগৰ জিলাৰ নাজিৰাৰ মেকীপুৰ চাহ বাগিচাত নিৰ্মাণ হ’ব লগীয়া আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ অধীনত নিৰ্মাণ কৰা হ’ব এই আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়সমূহ।

১ কোটি ১৯ লাখ ৭৫ হাজাৰ টকাৰ ব্যয়েৰে অসমৰ ১১৯ খন চাহ বাগিচাত এই আদৰ্শ বিদ্যালয় স্থাপন কৰা হ’ব।

অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ চৰকাৰক তীব্ৰ সমালোচনা কৰি কয়, ষাঠী বছৰৰ অধিক কাল কংগ্ৰেছ চৰকাৰে চাহ শ্ৰমিকসকলৰ পুত্ৰ কন্যা সন্তানৰ বাবে উচ্চ শিক্ষাৰ ক্ষেত্ৰত উন্নত মানৰ শিক্ষানুষ্ঠান গঢ় দিব নোৱাৰিলে।

যাৰ বাবে চাহ শ্ৰমিকৰ পুত্ৰ কন্যাসকল উচ্চ শিক্ষাৰ পৰা বঞ্চিত হৈ আহিছে। সেইবাবে নৰেন্দ্ৰ মোডীৰ সব কা সাথ সব কা বিকাশ শ্ল’গানৰ আধাৰত অসমৰ ১১৯ খন চাহ বাগিচাত আদৰ্শ বিদ্যালয় স্থাপনৰ ব্যৱস্থা কৰা হৈছে।

উক্ত শুভাৰম্ভ অনুষ্ঠানত ৰাজহ মন্ত্ৰী যোগেন মহন, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, ৰাজ্যিক চাহ মৰ্চাৰ সভাপতি প্ৰহ্লাদ গোৱালাৰ লগতে বহু ব্যক্তি উপস্থিত থাকে।

আনহাতে কলিয়াবৰত স্থাপন হ’বলগীয়া আদৰ্শ হাইস্কুলৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰে মন্ত্ৰী কেশৱ মহন্তই।

ৰাজ্যৰ চাহ বাগিচাসমূহত অসম চৰকাৰৰ সিদ্ধান্ত মৰ্মে ১১৯ খন আদৰ্শ হাইস্কুল নিৰ্মাণৰ শুভাৰম্ভ কাৰ্য হিচাপে কলিয়াবৰৰ তিনি স্থানত তিনিখনকৈ আদৰ্শ বিদ্যালয় স্থাপনৰ আধাৰশিলা স্থাপন কৰে কলিয়াবৰৰ বিধায়ক তথা অসম চৰকাৰৰ জল সম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আধাৰশিলা স্থাপন কৰে।

এই আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী কেশৱ মহন্তৰ লগতে কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতোপন নেওগ, চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগতে স্থানীয় ৰাইজ।