NORTHEAST NOW (Assamese)
Popular Stories

দিল্লীৰ প্ৰাক্তন মুখ্য মন্ত্ৰী শীলা দিক্ষিতৰ দেহাৱসান, সোণোৱালৰ শোক প্ৰকাশ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 20, 2019 7:27 pm

দিল্লীৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী শীলা দিক্ষিতৰ আজি দেহাৱসান ঘটে। আজি বিয়লি প্ৰায় ৩.৫৫ বজাত বৰ্ষীয়ান ৰাজনীতিবিদ গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।

দিক্ষিতৰ মৃত্যুত অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰিছে।

এক শোকবাৰ্তাত সোণোৱালে শিলা দিক্ষিতে শক্তিশালী ব্যক্তিত্ব আৰু নেতৃত্বৰে জনাসাধাৰণলৈ বিশেষকৈ দেশৰ ৰাজধানী দিল্লীৰ আন্তঃগাথনিৰ উন্নয়নৰ দিশত যি অৱদান আগবঢ়াই গৈছে সেয়া দেশৰ জনসাধাৰণে শ্ৰদ্ধাৰে স্মৰণ কৰিব বুলি উল্লেখ কৰে।

তেওঁ লগতে কয়, ‘এইগৰাকী ৰাজনীতিবিদৰ বিয়োগ দেশৰ ৰাজনৈতিক তথা সামাজিক ক্ষেত্ৰখনৰ বাবে এক অপুৰণীয় ক্ষতি’।

উল্লেখযোগ্য যে হৃদৰোগত আক্ৰান্ত হৈ থকা শীলা দিক্ষিতক যোৱা শুকুৰবাৰে দিল্লীৰ ফৰ্টিছ এছক’ৰ্ট হাৰ্ট ইনষ্টিটিউটত ভৰ্তি কৰোৱা হৈছিল। মৃত্যুৰ সময়ত দিল্লীৰ প্ৰাক্তন মুখ্য মন্ত্ৰী দিক্ষিতৰ বয়স আছিল ৮১ বছৰ।