NORTHEAST NOW (Assamese)

মুকালমুৱাৰ বাছ দুৰ্ঘটনা; মুখ্য মন্ত্ৰী সোণোৱালৰ শোক প্ৰকাশ

October 20, 2018 9:19 pm · এন ই নাও নিউজ

নলবাৰী জিলাৰ মুকালমুৱাৰ সমিপৰ আদাবাৰীত আজি সংঘটিত হোৱা শোকাৱহ বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাব লগা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

আজি এক প্ৰেছ বিবৃতিৰ জৰিয়তে মুখ্য মন্ত্ৰীয়ে কয় যে দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱাব লগা ঘটনা অত্যন্ত দুৰ্ভাগ্যজনক আৰু মৰ্মান্তিক। তেওঁ দুৰ্ঘটনাত নিহত ব্যক্তিসকলৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু-আৰোগ্য কামনা কৰে।

উল্লেখযোগ্য যে আজি দিনৰ প্ৰায় ১.৩০ বজাত মুকালমুৱাৰ আদাবাৰীত গুৱাহাটীৰ পৰা বৰপেটাৰ অভিমুখে গৈ থকা অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনৰ এখন বাছ এটা দ’ খাৱৈত বাগৰি পৰাত কমেও ৬ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ২০ গৰাকীতকৈ অধিক আহত হৈছিল।

Related News