NORTHEAST NOW (Assamese)

Video|| চহিদ মনেশ্বৰ বসুমতাৰীৰ কফিন কঢ়িয়াবলৈ নিজৰ কান্ধ পাতি দিলে সোণোৱাল-হিমন্ত বিশ্বই

February 16, 2019 9:14 pm · এন ই নাও নিউজ
Updated: February 16, 2019 9:18 pm
চহিদ মনেশ্বৰ বসুমতাৰীৰ কফিন কঢ়িওৱা অৱস্থাত মুখ্য মন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মা।

পাকিস্তানস্থিত জে’শ্ব-এ-মহম্মদৰ আত্মঘাতী আক্ৰমণত নিহত অসমৰ মনেশ্বৰ বসুমতাৰীৰ কফিন কঢ়িয়াবলৈ শনিবাৰে নিজৰ কান্ধ পাতি দিলে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

সন্ধিয়া বৰঝাৰৰ ভাৰতীয় বায়ুসেনা বাহিনীৰ বিমান বন্দৰ আহি পোৱাৰ পিছতে অসংখ্য শোকাকূল জনতাৰ মাজেদি নিজৰ কান্ধত চহিদগৰাকীৰ কফিন কঢ়িয়াই নিয়ে মন্ত্ৰী দুগৰাকীয়ে।

গুৱাহাটীৰ পৰা হেলিকপ্তাৰযোগে চহিদগৰাকীৰ কফিন বাক্সাৰ তামুলপুৰৰ কলগাঁৱত থকা ঘৰলৈ নিয়ে।

বসুমতাৰীৰ কফিনৰ লগত সংগীৰূপে আহিছে চি আৰ পি এফ জোৱান বুদ্ধেশ্বৰ ৰয়।

জোৱানজনৰ মৃতদেহ ইতিমধ্যে শ্ৰীনগৰৰ পৰা নতুন দিল্লীত আহি উপস্থিত হৈছে। দিল্লীৰ পৰা অসম অভিমুখে পুৱা ৭:৫৫ বজাত উৰা মাৰিব বিমানখনে।

চহিদ বসুমতাৰীৰ ঘৰ বাক্সা জিলাৰ তামুলপুৰৰ কলবাৰী গাঁৱত, পিতৃ দনিৰাম বসুমতাৰী।

৪৭ বছৰীয়া জোৱানজনে মৃত্যুৰ সময়লৈকে ২৪ বছৰ ৬ মাহ আৰু ৮ দিন সেৱা আগবঢ়াই গৈছে।

অসম চৰকাৰে চহিদ বসুমতাৰীৰ পৰিয়াললৈ ২০ লাখ টকাৰ এককালীন সাহায্য ঘোষণা কৰিছে।

Related News