NORTHEAST NOW (Assamese)

দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনিষ ছিছ’দিয়াৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ গোচৰ

June 22, 2022 7:44 am · কল্পজোতি শইকীয়া, গুৱাহাটী

দিল্লীৰ উপ মুখ্যমন্ত্ৰী তথা আপ নেতা মনিষ ছিছ’দিয়াৰ বিৰুদ্ধে কামৰূপ মহানগৰ জিলা অসামৰিক আদালতত গোচৰ তৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিনিকি ভূঞা শৰ্মাই।

ছিছ’দিয়াৰ বিৰুদ্ধে ১০০ কোটি টকাৰ মানহানি গোচৰ তৰিছে মুখ্যমন্ত্ৰীৰ পত্নীয়ে। লগতে সন্মান বিনষ্টৰ বাবে ক্ষতিপূৰণো দাবী কৰিছে ৰিনিকি ভূঞা শৰ্মাই।

উল্লেখ্য যে, যোৱা ৪ জুনত দিল্লীত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীৰ পত্নী তথা পৰিয়ালে পিপিই কিট কেলেংকাৰী কৰা বুলি ছিছ’দিয়াই অভিযোগ তোলাৰ লগতে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বক হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিল।

আনকি তেওঁ পিপিই কিট কেলেংকাৰীৰ কথা পোহৰলৈ অনাৰ বাবে দ্য় ৱায়াৰ আৰু দা ক্ৰছ কাৰেন্টক ধন্যবাদো জনাইছিল।

তাৰ পাছতে দিল্লীৰ উপ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে সৰব হৈ পৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। তেওঁ তেতিয়াই ছিছ’দিয়াৰ বিৰুদ্ধে মানহানি গোচৰ দিয়াৰ হুংকাৰ দিছিল আৰু গুৱাহাটীত লগ পাম বুলি উল্লেখ কৰিছিল।

শেহতীয়াকৈ আজি আদালতৰ দ্বাৰস্থ হৈ ছিছ’দিয়াৰ বিৰুদ্ধে ১০০ কোটি টকাৰ মানহানি গোচৰ দিয়ে।

উল্লেখযোগ্য যে, পিপিই কিট কেলেংকাৰীৰ চিবিআই তদন্ত দাবী কৰি ৰাইজৰ দল, আম আদমী পাৰ্টী আৰু কংগ্ৰেছেও ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল।

আনকি লতাশিল থানাত মুখ্যমন্ত্ৰীৰ পত্নী আৰু ব্যৱসায়িক বন্ধুৰ বিৰুদ্ধে গোচৰ দাখিল কৰিছিল আম আদমী পাৰ্টীয়ে।

Related News