NORTHEAST NOW (Assamese)
Popular Stories

পত্নীক শাৰীৰিক অত্যাচাৰ চলাই তিনি তালাক দি গ্ৰেপ্তাৰ হ’ল অসমৰ এগৰাকী কলেজ শিক্ষক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 4, 2020 8:04 pm
2-28-1140x570

অসমৰ এজন কলেজ শিক্ষকে পত্নীৰ ওপৰত শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই গ্ৰেপ্তাৰ হ’বলগীয়া হৈছে।

ঘটনাৰ বিৱৰণি অনুসৰি মধ্য অসমৰ মৰিগাঁৱৰ এখন মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ প্ৰৱক্তা মহম্মদ শ্বৰীফ উদ্দিন(৪৮)ক পত্নী পাৰবীন আখতাৰ চৌধুৰী(৪৩)ৰ এজাহাৰ ভিত্তিত মৰিগাঁও আৰক্ষীয়ে আজি মঙলবাৰে গ্ৰেপ্তাৰ কৰিছে।

ভাৰতীয় দণ্ডবিধি আইনৰ কেবাটাও ধাৰাত গ্ৰেপ্তাৰ কৰা প্ৰৱক্তাজনক ইতিমধ্যে মৰিগাঁও আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।

আৰক্ষীয়ে জনোৱা অনুসৰি প্ৰৱক্তা উদ্দিনে অন্য এগৰাকী মহিলাক বিয়া কৰাব খুজিছিল।

কিন্তু পত্নী পাৰবীনৰ বিৰোধিতাৰ বাবে তেওঁ উক্ত মহিলাগৰাকীক বিয়া নোৱাৰি পত্নীৰ ওপৰত শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল। আনকি পত্নীক তিনি তালাক দি ঘৰৰ পৰা বহিস্কাৰ কৰিছিল।

উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ে ২০১৭ চনতে ইছলামৰ বিতৰ্কিত তিনি তালাক বিবাহ বিচ্ছেদ ধৰ্মীয় আইনখন নিষিদ্ধ কৰিছিল।

প্ৰৱক্তা উদ্দিনৰ পত্নীয়ে এই ঘটনা সন্দৰ্ভত মৰিগাঁও আৰক্ষীক অভিযোগ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে গোচৰ ৰুজু কৰি প্ৰৱক্তাগৰাকীক গ্ৰেপ্তাৰ কৰি আদালত হাজিৰ কৰোৱায়।

“গ্ৰেপ্তাৰ কৰা লোকজন এখন কলেজৰ অৰ্থনীতিৰ প্ৰৱক্তা। তেওঁ দ্বিতীয় বিবাহ কৰাবলৈ পত্নীৰ সন্মতি বিচাৰিছিল। কিন্তু পত্নীয়ে ইয়াৰ বিৰোধ কৰাৰ বাবে দীৰ্ঘদিন ধৰি শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল। কালি(সোমবাৰে) তেওঁ পত্নীক ইয়াৰ বাবে প্ৰহাৰ কৰি তিনি তালাক দি ঘৰৰ পৰা বহিস্কাৰ কৰি দিয়ে।” মৰিগাঁও আৰক্ষী অধীক্ষ নন্দ সিঙে সংবাদ মাধ্যমৰ আগত কয়।

আচামী প্ৰৱক্তাজনে শহুৱেকৰ ওচৰতে ১৩ লাখ টকাৰে মাটি ক্ৰয় তাতে এটা ঘৰ নিৰ্মাণ কৰিছিল।

“ভুক্তভোগী মহিলাগৰাকী ডেন্টেল কলেজত অধ্যনৰত কন্যাৰ সৈতে পিতৃৰ গৃহত আছে। তেওঁ আজি আহি কান্দি কান্দি মোক সকলো কথা অৱগত কৰে। মই ক’লো এই সংক্ৰান্ত একো কৰিব নোৱাৰিম আদালতহে ইয়াৰ সিদ্ধান্ত ল’ব।” অধীক্ষক গৰাকীয়ে লগতে আৰু কয়।