NORTHEAST NOW (Assamese)
অসম

দেশজুৰি বিপৰ্য্যয়ৰ পাছতো উপ নিৰ্বাচনত সাহসেৰে যুঁজ দিব কংগ্ৰেছে: ৰিপুণ বৰা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 22, 2019 10:00 pm
Assam Cong chief Ripun Bora on upcoming by-polls

চাৰি মাহ পূৰ্বে দেশজুৰি কংগ্ৰেছে চৰম বিপৰ্য্যয়ৰ সন্মুখীন হোৱাৰ পাছতো অহা ২১ অক্টোবৰত হ’বলগীয়া ৰাজ্যৰ চাৰিটা বিধান সভা সমষ্টিৰ উপ নিৰ্বাচনত কংগ্ৰেছে সাহসেৰে যুঁজ দিয়াৰ কথা ঘোষণা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই।

মহানগৰীৰ লতাশিল খেলপথাৰৰ সমীপৰ বিষ্ণু-নিৰ্মলা ভৱনত ৰাজীৱ গান্ধীৰ ওপৰত হোৱা এক আলোচনা চক্ৰৰ পিছত সাংবাদিকক এই কথা কয় ৰিপুণ বৰাই।

‘চাৰিমাহৰ পূৰ্বে দেশ জুৰি বিপৰ্য্যয়ৰ সন্মুখীন হৈছো। তাৰ মাজতো আমি সাহসেৰে উপ নিৰ্বাচনত যুঁজ দিম।’ বৰাই সংবাদমাধ্যমৰ আগত কয়।

ইপিনে, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে চাৰিওটা সমষ্টিতে বিজেপিয়ে দখল কৰিব বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ গৈ বিজেপি চৰকাৰৰ ধনবল-বাহুবলৰ প্ৰসংগ উত্থাপন বৰাই কৰে।

‘কোনো ৰাজনৈতিক দলে হাৰিম বুলি কেতিয়াও নকয়। আটাইকেইখন পাম বুলি বিজেপিয়েও ক’ব, কংগ্ৰেছেও ক’ম। এই কথাটো ৰাইজেহে নিৰ্ধাৰণ কৰিব। বিজেপি কেন্দ্ৰটো চৰকাৰ, ৰাজ্যতো চৰকাৰ, ধনবল-বাহুবল প্ৰচুৰ পৰিমাণে আছে। তাৰ মাজতো কংগ্ৰেছে যুঁজ দিব এইটো সঁচা কথা।’ বৰাই এইদৰে কয়।

ইপিনে, এআইয়ুডিএফৰ সৈতে উপ নিৰ্বাচনত কংগ্ৰেছৰ মিত্ৰতাৰ কথা সম্পূৰ্ণ নস্যাৎ কৰে বৰাই।

‘এআইয়ুডিএফৰ লগত বুজা-বুজি হ’ব পৰাকৈ তেনেকুৱা কোনো চিট নাই। জনিয়াতো এআইয়ুডিএফৰ লগত বুজা-বুজিৰ প্ৰশ্ন নাহে কাৰণ আমাৰ বিধায়ক আছিল জনিয়াত।’ বৰাই কয়।

আনহাতে, বিজেপি চৰকাৰৰ দিনতে বস্তুৰ মূল্য সৰ্বাধিক হোৱা বুলি দাবী কৰি বৰাই কয় ‘ৰাইজে নিজেই উপলব্ধি কৰিছে বিজেপি চৰকাৰে কেৱল পিয়াঁজেই নহয়, কেৰাচিন তেলকে ধৰি সকলো বস্তুৰ দাম বাঢ়িছে। কংগ্ৰেছৰ দিনত পিয়াঁজৰ দাম বাঢ়োতে তেওঁলোকৰ গোটেই নেতাসকলে পিয়াঁজৰ মালা পিন্ধি কংগ্ৰেছক উপহাস কৰিছিল।’

ইপিনে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনি হোৱাৰ প্ৰসংগটো ৰাজনৈতিক মহলত চলি থকাৰ মাজতে এইক্ষেত্ৰত সভাপতি সলনি কৰিলেও বৰাৰ কোনো আপত্তি নাই বুলি উল্লেখ কৰে। আনকি নিষ্ঠাৱান কংগ্ৰেছ কৰ্মী বা সৈনিক হিচাপে কাম কৰি যাব বুলিও বৰাই মন্তব্য কৰে।

‘লোকসভা নিৰ্বাচনত ফলাফল বেয়া হোৱাৰ পাছতেই মই নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ পত্ৰ দিছিলো। মোৰ ঠাইত বেলেগ এজন সভাপতি দিব লাগে বুলি হাই কমাণ্ডক জনাই থৈছো। যদি সভাপতি সলনিও কৰে, মোৰ তাত ক’বলগীয়া একো নাইকিয়া। এজন সাধাৰণ কংগ্ৰেছ কৰ্মী হিচাপে আছো। যদি কাইলৈ বেলেগ এজন সভাপতি দিয়ে তেন্তে মই কংগ্ৰেছৰ সৈনিক হিচাপে কাম কৰি যাম। হাই কমাণ্ডে যাকেই সভাপতি পাতক, তৰুণ গগৈকে পাতক, তাত মোৰ সমৰ্থন থাকিব। আমি সদায় দলটোৰ কাৰণে কাম কৰি যাম। সভাপতি কোন হয়, সেইটো ডাঙৰ কথা নহয়। যিয়েই সভাপতি হয়, তেওঁৰ সৈতে কাম কৰি যাম।’ বৰাই কয়।