NORTHEAST NOW (Assamese)
অসম

পত্নীসহ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছী বিধায়ক ৰকিবুল হুছেইন ক’ৰ’ণাত আক্ৰান্ত

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 2, 2020 6:28 pm
index.jpgn

ক’ৰ’ণাত আক্ৰান্ত হৈছে কংগ্ৰেছী তথা প্ৰাক্তন মন্ত্ৰী বিধায়ক ৰকিবুল হুছেইন আৰু তেওঁৰ পত্নী।

আজি ৰেপিড এন্টিজেন টেষ্টত বিধায়কগৰাকীৰ লগতে পত্নী নাজৰীণ হুছেইন আৰু এগৰাকী ভতিজাক ক’ৰ’ণা পজিটিভ হিচাপে চিনাক্ত হৈছে।

নিজৰ ফেচবুক পেজৰ জৰিয়তে এই কথা জনাইছে বিধায়কগৰাকীয়ে।

বিগত চাৰিদিনত তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে টেষ্ট কৰাবলৈ আহ্বান জনাইছে বিধায়কগৰাকীয়ে।

ক’ৰ’ণাৰ কিছু উপসৰ্গ দেখা দিয়াত প্ৰায় ১ ঘণ্টাৰ পূৰ্বে কোভিড টেষ্ট কৰায় বিধায়কজনে।

চামগুৰি সমষ্টিৰ বিধায়ক তথা বিৰোধী উপ দলপতিগৰাকী নিজ সমষ্টিৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানপীড়িত লোকৰ সাহায্য প্ৰদানৰ বাবে গৈ উপস্থিত।

ইয়াৰোপৰি, ৬ দিন পূৰ্বে গুৱাহাটী ক্লাৱত অনুষ্ঠিত হোৱা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল হুছেইনে।

য’ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাকে ধৰি অন্যান্য নেতা কৰ্মী উপস্থিত আছিল।