NORTHEAST NOW (Assamese)
অসম

চৰকাৰ সমালোচনাত ৰকিবুল

Posted by: শান্তনু শইকীয়া Updated by: শান্তনু শইকীয়া September 8, 2019 10:15 pm
Assam Congress leader Rockybul Hussain slams BJP Govt

কংগ্ৰেছ নেতা ৰকিবুল হুছেইন সৰৱ হৈছে বিজেপি চৰকাৰ সমালোচনাত।

দেওবাৰে অসম কেৰম ফেডাৰেচনৰ সভাপতিৰূপে পুনৰ নিৰ্বাচিত হোৱাৰ পিছতে সাংবাদিকৰ সৈতে মুখামুখিত হুছেইনে চৰকাৰক সমালোচনা কৰে।

প্ৰাক্তন মন্ত্ৰীজনে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ ১০০ দিনৰ কাৰ্য্যসূচীক সমালোচনা কৰিছে।

হুছেইনৰ মতে, বিজেপি চৰকাৰে ১০০ দিনৰ কথা কৈ তেওঁলোকৰ ৫ বছৰৰ ব্যৰ্থতাৰ ছবিখন ৰাইজৰ পৰা লুকুওৱাৰ চেষ্টা কৰিছে।

“যোৱা ৫ বছৰত তেওঁলোকে যি বোৰ ইছু আৰু প্ৰতিশ্ৰুতি লৈ শাসনলৈ আহিছিল আজি সেই প্ৰতিশ্ৰুতি আৰু ইছুবোৰ ৰূপায়ণত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। বৰ্তমান সময়ত ৰন্ধন গেছ, পে’ট্ৰল-জিজেলৰ অত্যধিক মূল্যবৃদ্ধি হোৱাৰ লগতে দেশৰ অৰ্থনীতি যিটো হাৰত অৱনমিত হৈছে ইয়াৰদ্বাৰা তেওঁলোকৰ ব্যৰ্থতাৰ ছবিখন পৰিস্ফূত হৈ পৰিছে,” হুছেইনে কয়।

কংগ্ৰেছ চৰকাৰৰ দিনত বিজেপিৰ বহু নেতাই মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজপথত চিলিণ্ডাৰ লৈ প্ৰতিবাদ কৰাৰ কথা উল্লেখ কৰি হুছেইনে কয় যে এতিয়া তেওঁলোকৰ চৰকাৰৰ দিনতে ইন্ধনৰ মূল্যবৃদ্ধিয়ে ৰেকৰ্ড ভংগ কৰিছে।

দেশৰ নিবনুৱা আৰু চাকৰি হেৰুওৱা লোকসকলক লৈয়ো হুছেইনে চৰকাৰক সমালোচনা কৰিছে।

“বিজেপি চৰকাৰে নিৰ্বাচনৰ আগত ২ কোটি চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দি আজি ২ কোটি চাকৰি কৰ্তনহে কৰিবলে ওলাইছে,” তেওঁ কয়।