NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী মহানগৰীত ঘৰচীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 8, 2019 10:34 pm
Raju Roy

গুৱাহাটীৰ কাহিলিপাৰাৰ দক্ষিণ গাৱঁত আজি এটা ঘৰচীয়া হাতীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হৈ হাতীটোক চোৱাচিতাৰ সৈতে জড়িত হৈ থকা এজন লোকৰ মৃত্যু হয়।

নিহত লোকজনৰ নাম ৰাজু ৰায় আৰু তেওঁ প্ৰধান মাউত মণ্টু ৰাভাৰ খুলশালীয়েক।

জনিব পৰা মতে, আন দিনাৰ দৰে আজিও দুটা হাতীক তেওঁলোকে কলগছ কাটি খুৱাবলৈ নি ৰাখিছিল।

কিন্তু সেই সময়তে ৰাজু ৰায়ে হঠাতে এজোপা কলগছ কাটি সশব্দে পেলাই দিওঁতেই এটা হাতীয়ে চক খাই উঠে আৰু তেওঁক আক্ৰমণ কৰে।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৰাজুক ততাতৈয়াকৈ হায়াত হস্পিটেলত ভৰ্তি কৰা হৈছিল যদিও তেওঁৰ চিকিৎসালয়তে মৃত্যু হয়।

দুৰ্ভাগ্যজনকভাৱে মৃত্যু হোৱা ৰাজু মাত্ৰ এমাহৰ পূৰ্বে পিতৃত্বৰ অধিকাৰী হৈছিল।

ঘৰচীয়া হাতীটোৰ মালিক দিচপুৰৰ দুদুল চৌধুৰী। বৰ্তমান হাতীটোক কাহিলিপাৰাৰ উক্ত স্থানৰ পৰা চৌধুৰী টিলালৈ স্থানান্তৰ কৰা হৈছে।