NORTHEAST NOW (Assamese)
অসম

‘নাইনিতাল’ সমষ্টিত অসম কংগ্ৰেছৰ তত্ত্বাৱধায়ক হৰিশ ৰাৱাটৰ পৰাজয়

Posted by: এন ই নাও নিউজ May 23, 2019 9:15 pm
vijaya-karnataka

লোকসভা নিৰ্বাচনৰ ফলাফলত অসম কংগ্ৰেছৰ তত্ত্বাৱধায়ক উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক হৰিশ ৰাৱাট ‘নাইনিতাল’ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি পৰাজয় বৰণ কৰিছে। উত্তৰাখণ্ডত বিজেপিয়ে ইয়াৰ পাঁচোটা সমষ্টিতে বিজয়ৰ দিশে অগ্ৰসৰ হৈছে।

উল্লেখযোগ্য যে কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বই অসমত কংগ্ৰেছ দলক লোকসভা নিৰ্বাচনত বিজয়ী কৰোৱাৰ বাবে হৰিশ ৰাৱাটক অসমৰ পৰ্যবেক্ষকৰ দায়িত্ব অৰ্পণ কৰিছিল। বিগত এবছৰ ধৰি অসমৰ বিভিন্ন স্থানত কংগ্ৰেছৰ প্ৰচাৰ অভিযানত ৰাৱাটে অংশ গ্ৰহণ কৰিছিল। ৰাৱাটৰ পৰিচালনাতে ৰিপুন বৰাৰ নেতৃত্বত প্ৰদেশ কংগ্ৰেছে অসমত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছিল।

শেহতীয়া খৱৰ অনুসৰি উত্তৰাখণ্ডৰ নাইনিতাল সমষ্টিত প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হোৱা বিজেপিৰ ৰাজ্যিক সভাপতি অজয় ভাটৰ হাতত লক্ষাধিক ভোটত পৰাজিত হৈছে ৰাৱাট।

আনহাতে, নিৰ্বাচনী ফলাফল ওলোৱাৰ আগ মুহূৰ্তত ২২ মে’ত প্ৰদেশ কংগ্ৰেছৰ কেইগৰাকীমান জ্যেষ্ঠ নেতাই সভাপতি ৰিপুন বৰাৰ বিৰুদ্ধে দলৰ ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধীক অভিযোগ দাখিল কৰে।

জানিব পৰা মতে, তেওঁলোকে ৰিপুন বৰাৰ লগতে পৰ্যবেক্ষক হৰিশ ৰাৱাটৰ বিৰুদ্ধেও প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত ধনৰ লেনদেন কৰি খেলিমেলি কৰাৰ অভিযোগ উত্থাপন কৰে।