NORTHEAST NOW (Assamese)

নতুনকৈ ২৭৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত; ইয়াৰে ২০৩ গৰাকী ৰোগী গুৱাহাটীৰ

June 27, 2020 7:02 am · কল্পজ্যোতি শইকীয়া
প্ৰতিনিধিত্বমূলক ফটো।

ৰাজ্যত শুকুৰবাৰে ২৭৩ গৰাকী নতুন আক্ৰান্তৰে ৬৯১৯ লৈ বৃদ্ধি পালে ক’ৰ’না আক্ৰান্তৰ সংখ্যা।

আজিৰ দিনটোত একেলগে ২৭৩ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে। ইয়াৰে ২০৩ গৰাকী গুৱাহাটী মহানগৰীৰ আক্ৰান্ত হোৱা বুলি টুইটাৰযোগে জনাইছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

এয়া লকডাউনৰ সকলো নীতি নিৰ্দেশনা মানি চলাৰ সময় বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ।

অন্য কোন ঠাইৰ কিমানগৰাকী আক্ৰান্ত হৈছে সেয়া উল্লেখ কৰা নাই স্বাস্থ্য মন্ত্ৰীয়ে।

অসমত ৪২৪৭ জন ব্যক্তি এইপৰ্য্যন্ত আৰোগ্য হৈ উঠিছে। বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২৬৬০ জন।

অসমত ক’ভিড-১৯ৰ ফলত এতিয়ালৈকে ১০ গৰাকী লোকৰ মৃত্যু ঘটিছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে, গুৱাহাটী মহানগৰীত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে সামাজিক (গণ) সংক্ৰমণ। যাৰ পৰিপ্ৰেক্ষিতত অহা সোমবাৰৰ পৰা ১৪ দিনৰ বাবে সমগ্ৰ কামৰূপ মেট্ৰোত দিয়া হৈছে লকডাউন।

ইয়াৰ উপৰি, ৰাজ্যৰ অন্য টাউন এলেকাত প্ৰত্যেক সপ্তাহৰ শনিবাৰ আৰু দেওবাৰে ঘোষণা কৰা হৈছে লকডাউন।

লগতে সমগ্ৰ ৰাজ্যত সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৭ বজালৈকে জাৰি কৰা হৈছে সান্ধ্য আইন।

Related News