NORTHEAST NOW (Assamese)

অসমত কোভিডৰ সংক্ৰমণত প্ৰাণ হেৰুওৱা ব্যক্তিৰ সংখ্যা ১০৩৩ গৰাকীলৈ বৃদ্ধি

December 25, 2020 9:32 am · এন ই নাও নিউজ

অসমত কোভিডৰ সংক্ৰমণৰ হাৰ অব্যাহত আছে। বিগত ২৪ ঘণ্টাত ৰাজ্যত পুনৰ কোভিডৰ সংক্ৰমণৰ ফলত চাৰিগৰাকী ব্যক্তিৰ মৃত্যু হয়।

ইয়াৰ ফলত অসমত বৰ্তমানলৈ কোভিডৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা ব্যক্তিৰ সংখ্যা ১০৩৩ গৰাকীলৈ বৃদ্ধি পালে।

বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত কোভিডৰ সংক্ৰমণৰ ফলত মৃত্যুবৰণ কৰা ব্যক্তি কেইগৰাকী হ’ল ক্ৰমে- তিনিচুকীয়াৰ গোপাল শ্বাহ (৬৮), কামৰূপ মহানগৰ জিলাৰ তুলসী শইকীয়া (৫৮), কাছাৰৰ সৎনাম সিং (৭৩) আৰু কামৰূপৰ নাৰায়ন বাৰ্মা (৫২)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে কোভিডত মৃত্যু বৰণ কৰা ব্যক্তি কেইগৰাকীৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

আনহাতে, বিগত ২৪ ঘণ্টাত ৰাজ্যত সম্পন্ন কৰা ২১৮৯৫ টা কোভিড পৰীক্ষাৰ ভিতৰত ৯৫ গৰাকী ব্যক্তি প’জিটিভ হয়।

কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ৪৭ গৰাকী ব্যক্তি কোভিড প’জিটিভ হয়।

ইপিনে, বৃহস্পতিবাৰে ৰাজ্যত ১০৫ গৰাকী ব্যক্তিক কোভিড মুক্ত ঘোষণা কৰা হয়।

অসমত বৰ্তমানলৈ মুঠ ২১৫৭৭৫ গৰাকী ব্যক্তি কোভিড আক্ৰান্ত হোৱাৰ বিপৰীতে ২১১২৮৩ গৰাকী ব্যক্তি চিকিৎসাৰ অন্তত কোভিড মুক্ত হৈছে।

ৰাজ্যত বৰ্তমান ৩৪৫৬ গৰাকী সক্ৰিয় কোভিড ৰোগী আছে।

 

Related News