NORTHEAST NOW (Assamese)
অসম

অসমত ক্ৰমাৎ হ্ৰাস পাইছে কোভিড সংক্ৰমণৰ সংখ্যা; বিগত ২৪ ঘণ্টাত ২৯ গৰাকী ব্যক্তি প’জিটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 28, 2020 9:20 am
COVID19-negative-1140x570

অসমত কোভিডৰ সংক্ৰমণৰ সংখ্যা ক্ৰমাৎ হ্ৰাস পাবলৈ আৰম্ভ কৰিছে যদিও বিগত ২৪ ঘণ্টাত ৰাজ্যত পুনৰ দুগৰাকী কোভিড আক্ৰান্তৰ মৃত্যু হয়।

ইয়াৰ ফলত অসমত বৰ্তমানলৈ কোভিডৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা ব্যক্তিৰ সংখ্যা ১০৩৭ গৰাকীলৈ বৃদ্ধি পায়।

বিগত ২৪ ঘণ্টাত অসমত কোভিডৰ সংক্ৰমণত মৃত্যু হোৱা ব্যক্তি দুগৰাকী হৈছে ক্ৰমে কামৰূপ মহানগৰ জিলাৰ আতাবুল খান (৬২) আৰু তিনিচুকীয়াৰ গংগা চেত্ৰী (৫৫)।

আনহাতে, দেওবাৰে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে সম্পন্ন কৰা মুঠ ১০৩০৫ টা কোভিড পৰীক্ষাৰ ভিতৰত ২৯ গৰাকী ব্যক্তি প’জিটিভ হয়।

কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ৭ গৰাকী ব্যক্তি প’জিটিভ হয় বুলি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত উল্লেখ কৰে।

ইপিনে, বিগত ২৪ ঘণ্টাত ৰাজ্যত ৬০ গৰাকী ব্যক্তিক চিকিৎসাৰ অন্তত কোভিড মুক্ত ঘোষণা কৰা হয়।

অসমত মুঠ ২১৫৯৩৯ গৰাকী ব্যক্তি কোভিড সংক্ৰমিত হোৱাৰ বিপৰীতে বৰ্তমান ৩৩৫৬ গৰাকী সক্ৰিয় কোভিড ৰোগী চিকিৎসাধীন হৈ আছে।