NORTHEAST NOW (Assamese)
অসম

বিজেপি সাংসদৰ দাবী: ‘তাজমহল আমাৰ মাটিত নিৰ্মাণ কৰা হৈছিল’!

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী May 11, 2022 8:36 pm

বিশ্বৰ সাতটা আচৰিত সম্পদৰ ভিতৰৰে অন্যতম তাজমহলক লৈ পুনৰ বিতৰ্কৰ সৃষ্টি হৈছে।

এইবাৰ এই বিতৰ্কৰ সূচনা কৰিছে এগৰাকী বিজেপি সাংসদে।

বিজেপি সাংসদ আৰু জয়পুৰৰ ৰাজকীয় দিয়া কুমাৰীয়ে আজি দাবী কৰে যে তাজমহল নিৰ্মাণ কৰা মাটি মূলতঃ চহৰখনৰ এসময়ৰ শাসক জয় সিঙৰ আছিল।

দিয়া কুমাৰীয়ে কয় যে মাটি খিনি মোগল সম্ৰাট শ্বাহজাহানে অধিগ্ৰহণ কৰিছিল।

সেই সম্পৰ্কীয় তথ্য-পাতি পূৰ্বৰ জয়পুৰৰ ৰাজপৰিয়ালৰ ওচৰত আছে বুলি তেওঁ দাবী কৰে।

দিয়া কুমাৰীয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ত এই বিষয়ত এখন আৱেদনত কৰাৰ কথাও উল্লেখ কৰিছে।

উক্ত আবেদনত তেওঁ তাজমহলৰ মাটি সম্পৰ্কে তথ্য উদ্ঘাটনৰ দাবী জনাইছিল।