NORTHEAST NOW (Assamese)
অসম

মহানগৰীৰ ছয়মাইলৰ দৈনিক বজাৰত প্ৰশাসনৰ উচ্ছেদ অভিযান

Posted by: জাহ্নৱী বৰুৱা,গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা,গুৱাহাটী May 11, 2022 9:00 pm
মহানগৰীৰ ছয়মাইলৰ দৈনিক বজাৰত প্ৰশাসনৰ উচ্ছেদ অভিযান

গুৱাহাটীৰ পৌৰ নিগমে বুধবাৰে ছয়মাইলৰ উৰণীয়া সেঁতুৰ তলত থকা দৈনিক বজাৰত উচ্ছেদ অভিযান চলায়।

সৰু-বৰ সকলো দোকান ভাঙি পেলাই গুৱাহাটীৰ পৌৰ নিগমে । জেচিবিৰে চলোৱা হয় এই উচ্ছেদ অভিযান।

কোনো আগজাননী নিদিয়াকৈ এই উচ্ছেদ অভিযান চলোৱা বুলি অভিযোগ কৰিছে একাংশ ব্যৱসায়ীয়ে।

প্ৰতি পুৱাই গুৱাহাটীৰ পৌৰ নিগমৰ কৰ্মীয়ে তেওঁলোকৰ পৰা দৈনন্দিন মাচুল সংগ্ৰহ কৰাৰো অভিযোগ কৰে ব্যৱসায়ীসকলে।