NORTHEAST NOW (Assamese)

ৰাজ্যত পুনৰ ১০ গৰাকী ক’ৰ’না আক্ৰান্তৰ মৃত্যু; ৩৭০ গৰাকীলৈ বৃদ্ধি মৃতকৰ সংখ্যা

September 7, 2020 10:32 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

অসমত ক’ৰ’না মহামাৰীৰ ভয়াবহতা অব্যাহত আছে। আজি ৰাজ্যত পুনৰ দহ গৰাকী লোকৰ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হয়।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে এই কথা প্ৰকাশ কৰি মৃত্যু হোৱা ব্যক্তি কেইগৰাকীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

ইয়াৰ ফলত অসমত বৰ্তমানলৈ ক’ৰ’নাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৭০ গৰাকীলৈ বৃদ্ধি পালে।

আজি মৃত্যু হোৱা লোক কেইগৰাকী হৈছে ক্ৰমে- ডিব্ৰুগড়ৰ ৰাজু চাৰিংগিয়া ফুকন(৫০), কামৰূপ মহানগৰ জিলাৰ তুলিকা গোস্বামী(৫৬), প্ৰিয় বৈশ্য(২৬), সদানন্দ ঠাকুৰীয়া(৬০), মহেশ ডেকা(৮২), কৰিমগঞ্জ জিলাৰ মহম্মদ আলী(৬০) ভূপেন্দ্ৰ মোহন দাস(৮০), শিৱসাগৰ জিলাৰ পবিত্ৰ শইকীয়া(৫৫), নলবাৰীৰ কনক চন্দ্ৰ ডেকা(৭৬) আৰু কমল কলিতা(২৫)।

দেওবাৰৰ দিনটোতো ৰাজ্যত আঠগৰাকী ক’ৰ’না আক্ৰান্ত লোকে প্ৰাণ হেৰুৱাইছিল।

Related News