NORTHEAST NOW (Assamese)

অসমত ক’ভিড-১৯ টেষ্টে অতিক্ৰম কৰিলে চাৰি লাখৰ সীমা

June 30, 2020 10:46 pm · এন ই নাও নিউজ

ক’ভিড-১৯ টেষ্টৰ সীমাই মঙলবাৰে অসমত চাৰি লাখৰ সীমা অতিক্ৰম কৰিছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত সদৰী কৰে যে অসমত মঙলবাৰলৈকে ৪,১২,২১৪টা ক’ভিড-১৯ টেষ্ট সম্পন্ন হৈছে।

অসমত মুঠ ১২টা পৰীক্ষাগাৰত এই টেষ্টসমূহ সম্পন্ন কৰা হৈছে।

১০৬৬৩৪টা টেষ্ট অন্য পৰীক্ষাগাৰত সম্পন্ন কৰা হৈছে।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ হিলটপ লেবত সৰ্বাধিক ৫৪১০০টা টেষ্ট সম্পন্ন কৰা হৈছে।

ইফালে ৩১৪গৰাকী নতুনকৈ ক’ভিড মুক্ত ব্যক্তিৰে সৈতে অসমত মুঠ আৰোগ্যৰ সংখ্যা মঙলবাৰে ৫৬৪৭লৈ বৃদ্ধি পাইছে।

অসমত ক’ভিড আৰোগ্যৰ হাৰো ৭২ শতাংশলৈ বৃদ্ধি পাইছে।

এইসকল ব্যক্তি আৰোগ্য হোৱাৰ পিছত অসমত বৰ্তমান সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা হৈছে ২১৭৩গৰাকী।

অসমত এতিয়ালৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ৭৮৩৫গৰাকী।

ইয়াৰে ১২গৰাকীৰ মৃত্যু হোৱাৰ বিপৰীতে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

অসমত বিশেষকৈ গুৱাহাটী মহানগৰত শেহতীয়াকৈ ব্যাপক হাৰত ক’ভিড ৰোগী চিনাক্ত হৈছে।

ক’ভিড সংক্ৰমণ ৰোধৰ বাবে গুৱাহাটীত যোৱা দেওবাৰৰ পৰা ১৪ দিনীয়া লকডাউন ঘোষণা কৰা হৈছে।

ইফালে মিৰ্জাস্থিত পতঞ্জলী যোগপীঠৰ কুৱাৰেণ্টিন কেন্দ্ৰক মঙলবাৰে ক’ভিড হস্পিটেললৈ পৰিৱৰ্তন কৰা হৈছে।

Related News