NORTHEAST NOW (Assamese)

চাউথৰ চিনেমাত অসমীয়া হিৰ’ইন, চাওক ||Photoshoot, Video||

March 23, 2019 5:29 pm · অভীক চক্ৰবৰ্তী
Updated: March 23, 2019 5:58 pm
ফাৰিয়া। ফে’চবুকত ৰাজহুৱা কৰি ৰখা ছবি।

দাক্ষিণাত্যৰ শক্তিশালী চিনেমা উদ্যোগত হিৰ’ইনৰূপে ভুমুকি মাৰিছে অসমৰ ডিব্ৰুগড়ৰ ছোৱালী ফাৰিয়া হুছেইনে।

এই ব’হাগতে মুক্তি পাব লগা মালায়ালম ছবি পাথিমুনু (Pathimoonnu/ অসমীয়া অৰ্থ ১৩)ৰ মুখ্য ভূমিকাত অভিনয় কৰিছে ১২ বছৰীয়া ফাৰিয়াই।

অসমীয়া ব্যৱসায়ী ফাৰহান হুছেইনৰ আৰু ফাৰমিন হুছেইনৰ কন্যা ফাৰিয়াৰ জন্ম হৈছিল ডিব্ৰুগড়ত, ২০০৬ চনৰ ১৩ ছেপ্তেম্বৰত। দেউতাকৰ ব্যৱসায় সূত্ৰে বৰ্তমান কেৰালাৰ তিৰুৱনন্তপুৰমৰ বাসিন্দা ফাৰিয়া ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী।

ফাৰিয়াৰ দেউতাকৰ “আছাম টি হাউচ”এ কেৰালাৰ লগতে বিদেশৰ গ্ৰাহককো উৎকৃষ্ট অসমীয়া চাহপাতৰ লগতে দক্ষিণৰ বিখ্যাত মছলাৰ যোগান ধৰে।

ফাৰিয়াৰ মুক্তি পাব লগা পাথিমুনু-ৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনা খ্যাতিমান পৰিচালক বি এন চাজিৰ শাৰ। বাচিৰ নুৰে সংগীত সজোৱা চিনেমাখনৰ প্ৰযোজক চতিচ চাজন।

এইখনেই ফাৰিয়াৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ চিনেমা যদিও ইয়াৰ পূৰ্বেও কিশোৰীগৰাকীয়ে কেইবাটাও বিজ্ঞাপনত ভুমুকি মাৰিছিল। ভাৰত চৰকাৰৰ বেতি বচাও, বেতি পঢ়াও প্ৰচাৰতো অভিনয় কৰিছিল ফাৰিয়াই।

পাথিমুনু-ত ফাৰিয়াৰ Photoshootৰ Video

ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ সমৰ্থনত Go Figure Humanity নিৰ্মিত মিউজিক ভিডিঅ’টোতো ফাৰিয়াই অভিনয় কৰিছিল।

ফাৰিয়া অভিনীত Let girls remain girls

পাথিমুনু-ৰ Official Motion Poster

 

সংগীত, সাঁতোৰ আৰু ভ্ৰমণৰ চখ থকা কিশোৰী ফাৰিয়াই স্পে’চ এঞ্জিনিয়াৰিঙত কেৰিয়াৰ গঢ়িব খোজে।

Related News