NORTHEAST NOW (Assamese)

আজি কলকাতা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ব ববী শৰ্মা বৰুৱাৰ ‘মিচিং’

November 15, 2018 10:46 am · এন ই নাও নিউজ

অসমৰ চলচ্চিত্ৰ পৰিচালিকা ববী শৰ্মা বৰুৱা পৰিচালিত অৰুণাচলৰ চেৰদুকপেন ভাষাত নিৰ্মাণ কৰা ‘মিচিং’(দ্য এপাৰেশ্যন) নামৰ ছবিখন বৰ্তমান কলকাতাত চলি থকা কলকাতা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ ভাৰতীয় ভাষাৰ চলচ্চিত্ৰৰ প্ৰতিযোগিতা শিতানত নিৰ্বাচিত হৈছে।

ইয়াৰ অংশ হিচাপে কলকাতাৰ নন্দন-টু প্ৰেক্ষাগৃহত আজি সন্ধিয়া ৫:১৫ বজাত চলচ্চিত্ৰখন প্ৰদৰ্শন কৰা হ’ব। চলচ্চিত্ৰখনৰ প্ৰদৰ্শনৰ সময়ত পৰিচালিকা ববী শৰ্মা বৰুৱা তাত উপস্থিত থাকিব।

উল্লেখযোগ্য যে যোৱা ১০ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা ২৪সংখ্যক কলকাতা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ ১৭ নৱেম্বৰত সামৰণি পৰিব।

সাহিত্য অকাডেমি বঁটাৰে সন্মানিত য়েছে দৰজে ঠংচিৰ ‘মিচিং’ নামৰ উপন্যাসখনৰ আধাৰত ববী শৰ্মা বৰুৱাই নিৰ্মাণ কৰা ‘মিচিং’(দ্য এপাৰেশ্যন)ৰ প্ৰযোজনা কৰিছে তেওঁৰে জীয়ৰী সুলক্ষণা বৰুৱাই।

কলকাতা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ উপৰি অহা ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া কেৰালা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ প্ৰতিযোগিতা শাখাতো ববী শৰ্মা বৰুৱাৰ ‘মিচিং’(দ্য এপাৰেশ্যন) নিৰ্বাচিত হৈছে।

Related News