NORTHEAST NOW (Assamese)
অসম

মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ দিনাই শিক্ষা মন্ত্ৰীৰ দুটা বিশেষ ঘোষণা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 15, 2019 9:23 pm

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ দিনাই শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই ছাত্ৰ-ছাত্ৰীসকলৰ বাবে লৈ আনিছে দুটা সু-খবৰ। বুধবাৰে মহানগৰীৰ ছেবাৰ মুখ্য কাৰ্য্যালয়ত এক সংবাদমেল সম্বোধন কৰি শিক্ষা মন্ত্ৰীগৰাকীয়ে এই কথা ঘোষণা কৰে।

মন্ত্ৰীগৰাকীয়ে জনোৱা মতে ছেবাই এইবৰ্ষৰ পৰা উচ্চ মাধ্যমিকত ঐচ্ছিক বিষয় হিচাপে ‘বাণিজ্য’ বিষয়টো অন্তৰ্ভুক্ত কৰিছে।

উল্লেখযোগ্য যে, ২০১৮ চনলৈকে উচ্চ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীসকলে ঐচ্ছিক বিষয় হিচাপে ঐচ্ছিক গণিত, কম্পিউটাৰ বিজ্ঞান, হিন্দী, ভুগোল, বুৰঞ্জী, সংস্কৃত ইত্যাদি বিষয়সমূহ বাচি ল’ব পাৰিছিল। এতিয়াৰ পৰা ইয়াৰ সৈতে বাণিজ্য বিষয়টো সংযোগ হোৱাত উচ্চতৰ মাধ্যমিকত বাণিজ্য শাখাত পঢ়িব খোজা ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ’ব।

আনহাতে, বৃত্তিমূলক শিক্ষাৰ সম্প্ৰসাৰণৰ স্বাৰ্থত উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমত চাৰিটাকৈ নতুন বিষয়ৰ অন্তৰ্ভুক্ত কৰাৰ কথা ঘোষণা কৰে শিক্ষা মন্ত্ৰীগৰাকীয়ে। সেই কেইটা ক্ৰমে কৃষি আৰু উদ্যান বিদ্যা, স্বাস্থ্যসেৱা, প্ৰাইভেট ছিকিউৰিটি আৰু টুৰিজিম এণ্ড হাস্পিতালিটী।

এই বিষয়কেইটা অন্তৰ্ভুক্ত কৰাৰ ফলত উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীসকলে ভৱিষ্যতে বিভিন্ন কোম্পানী বা অন্যান্য বৃত্তিগত প্ৰতিষ্ঠানত চাকৰি লাভ কৰাত সহায়ক হ’ব বুলি মন্তব্য কৰে ভট্টাচাৰ্য্যই।