NORTHEAST NOW (Assamese)
অসম

শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ উপস্থিতিত বৰপেটাত পালন ৭২সংখ্যক স্বাধীনতা দিৱস

Posted by: পুলেন্দ্ৰ দাস August 15, 2018 12:47 pm
IMG-20180815-WA0012

সমগ্ৰ দেশৰ লগতে আজি বৰপেটাতো উদযাপন কৰা হয় দেশৰ ৭২সংখ্যক স্বাধীনতা দিৱস। বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকি পতাকা উত্তোলন আৰু মাৰ্কপাষ্টৰ অভিনন্দন গ্ৰহন কৰে ৰাজ্যৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই।

পতাকা উত্তোলনৰ পিছতে ৰাইজক উদ্দেশ্যি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ৰূপায়ন কৰা কাম কাজৰ খতিয়ান আগবঢ়োৱা পৰিলক্ষিত হয়৷ ছাত্ৰ-ছাত্ৰীৰ গুণগত শিক্ষাৰ মান উন্নত কৰাৰ বাবে চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰা বুলিও তেওঁ উল্লেখ কৰে৷

অতি শীঘ্ৰে ৰাজ্যত ৯ খন মহিলা মহাবিদ্যালয় স্থাপন কৰা হব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য আগবঢ়ায়। একেদৰে এন আৰ চি ৰ লগত জড়িত প্ৰতিগৰাকী বিষয়া কৰ্মচাৰীক ধন্যবাদ জ্ঞাপন কৰে শিক্ষা মন্ত্ৰীগৰাকীয়ে৷

ইপিনে পূৰ্বৰ শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যোৱা বৰ্ষৰ ১৫আগষ্টত ভেন্সাৰ শিক্ষানুষ্ঠানৰ প্ৰাদেশিকীকৰণৰ কাম সম্পন্ন কৰা হ’ব বুলি প্ৰতিশ্ৰতি প্ৰদান কৰাৰ লগতে বিধানসভাৰ অধিবেশনতো বিষয়টো আলোচ্য হৈছিল যদিও আজি শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই প্ৰাদেশিকীকৰণ সন্দৰ্ভত কোনো শব্দই উল্লেখ কৰা পৰিলক্ষিত নহ’ল৷

বৰ্তমানৰ শিক্ষা মন্ত্ৰীগৰাকীৰ এনে ভূমিকাই প্ৰমাণিত কৰিলে প্ৰাদেশিকীকৰণ সন্দৰ্ভত ড০ হিমন্ত বিশ্ব শৰ্মাৰ মিথ্যাচাৰ৷

আনহাতে স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি আদৰ্শ খেতিয়ক, কৃতী শিক্ষক, বিশিষ্ট সাহিত্যিক, মীনপালক, সমাজকৰ্মী আদিক সম্বৰ্ধনা জনায়৷