NORTHEAST NOW (Assamese)

অসমৰ উচ্ছেদ অভিযানত মুছলমানক লক্ষ্য কৰি লোৱৰ অভিযোগ! মুখ্য ন্যায়াধীশৰ হস্তক্ষেপ বিচাৰিলে জমিয়ত উলেমা-ই-হিন্দে

September 2, 2025 11:10 am · এন ই নাও নিউজ, গুৱাহাটী

মুছলমান সংগঠন জমিয়ত উলেমা-ই-হিন্দে অসমত চলি থকা উচ্ছেদ অভিযানক লৈ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে। সংগঠনটোৱে দাবী কৰিছে যে অসমত চলা উচ্ছেদ অভিযানসমূহ মুছলমান পৰিয়ালক লক্ষ্য কৰি লৈছে। সেয়ে সংগঠনটোৱে ভাৰতৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইক  আইনি হস্তক্ষেপৰ আহ্বান জনাইছে।

জমিয়তৰ সভাপতি মৌলানা আৰ্ছাদ মাদানীয়ে অভিযোগ কৰি কয় যে অসমত ৫০ হাজাৰতকৈও অধিক মুছলমান পৰিয়াল উচ্ছেদৰ সন্মুখীন হৈছে আৰু বুলডজাৰে “কেৱল ধৰ্মৰ ওপৰত ভিত্তি কৰি” ঘৰ ধ্বংস কৰা হৈছে। গোলাঘাট জিলাৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত প্ৰায় ২৩০টা পৰিয়াল স্থানচ্যুত কৰাৰ অভিযান আৰু উৰিয়ামঘাটত প্ৰায় ৯ হাজাৰ বিঘা বনাঞ্চল মুক্ত কৰাৰ সময়ত প্ৰায় ১৫০০ পৰিয়াল ক্ষতিগ্ৰস্ত হোৱাৰ পিছত তেওঁ এই মন্তব্য কৰে । যদিও বিষয়াসকলে দাবী কৰে যে এই অভিযান বেদখল দূৰ কৰাৰ অংশ, জমিয়তে ইয়াক মুছলমানৰ বিৰুদ্ধে চলা এক বৃহৎ অভিযান বুলি আখ্যা দিয়ে।

এক বিবৃতিত সংগঠনটোৱে বৃদ্ধি পোৱা সাম্প্ৰদায়িকতা আৰু সংখ্যালঘুৰ বিৰুদ্ধে বৈষম্যৰ অভিযোগ উত্থাপন কৰি উদ্বেগ প্ৰকাশ কৰিছে। মাদানীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাংবিধানিক মূল্যবোধ অমান্য কৰাৰ অভিযোগ উত্থাপন কৰি কয় যে এই উচ্ছেদ অভিযানে কেৱল মুছলমানক গৃহহীন কৰি “সংবিধান আৰু আইনৰ শাসনকো নস্যাৎ কৰিছে। তেওঁ ন্যায়পালিকাক হস্তক্ষেপ কৰি স্থানচ্যুতসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ আহ্বান জনায়।

Related News