NORTHEAST NOW (Assamese)

কাজিৰঙাত পুনৰ গঁড়ৰ পোৱালি উদ্ধাৰ; এইপৰ্যন্ত ৫ টা গঁড়সহ মুঠ ৩৯টা বন্যপ্ৰাণীৰ মৃত্যু

July 17, 2019 4:03 pm · উত্তম শইকীয়া
Updated: July 17, 2019 4:31 pm

ব্ৰহ্মপুত্ৰৰ বানপানীয়ে কাজিৰঙাৰ ৯০ শতাংশ বনাঞ্চল প্লাৱিত কৰাৰ পাছত বৰ্তমান ৰাষ্ট্ৰীয় উদ্যানখনৰ বনৰীয়া জীৱ-জন্তু সমূহৰ অৱস্থা বিলৈয়ে নধৰা হৈছে।

কাজিৰঙাৰ পানবাৰী সংৰক্ষিত বনাঞ্চলত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ আজি পুৱা কাজিৰঙাৰ বাগৰি বনাঞ্চলৰ পৰা উদ্ধাৰ কৰি অনা হয় বানে উটুৱাই অনা এটা মাতৃহাৰা গঁড়ৰ পোৱালি।

আজি উদ্ধাৰ হোৱা গঁডৰ পোৱালিটো

ইয়াৰ আগতেও বাগৰিৰ পৰা আৰু এটা গঁড়ৰ পোৱালি উদ্ধাৰ কৰি কেন্দ্ৰটোলৈ অনা হৈছিল। দুয়োটা পোৱালিকেই সম্প্ৰতি কেন্দ্ৰটোত পৰিচৰ্যা কৰি থকা হৈছে ৷ প্ৰচণ্ড চাপত থকা গঁড়ৰ পোৱালিকেইটা এতিয়াও সংকট মুক্ত নহয় বুলি জনাইছে কেন্দ্ৰটোৰ পশু চিকিৎসকে ৷

উল্লেখযোগ্য যে বানপানীত আজিলৈকে ৫ টা গঁড়ৰ মৃত্যু হৈছে। ইয়াৰে এজনী মাইকী গঁড় কাৰ্বি আংলঙৰ ইংলে পথাৰ এলেকাত পাহাৰৰ পৰা পৰি আৰু আন এটা গঁড় পোৱালি কহঁৰা বনাঞ্চলৰ হালধিবাৰীত মৃত্যু হৈছিল। বাকী কেইটা গঁড়ৰ মৃতদেহ বাগৰি আৰু অগৰাতলি বনাঞ্চলত পোৱা গৈছে।

ইতিমধ্যে লাহে লাহে কাজিৰঙাত পানী শুকাবলৈ ধৰাত ৰাষ্ট্ৰীয় উদ্যানখনৰ বিভিন্ন প্ৰান্তৰৰ পৰা মৃত বন্যপ্ৰাণীৰ তথ্য আহি আছে। আজি পুৱালৈকে বানপানীৰ ফলত কাজিৰঙাত মুঠ ৩৯ টা বন্যপ্ৰাণীৰ মৃত্যু হৈছে। ইয়াৰে ১৬ টা পানীত ডুবি, ১১ টা ৰাষ্ট্ৰীয় পথত গাড়ীৰ খুন্দাত আৰু ৯ টা অনান্য কাৰণত মৃত্যু হোৱা বুলি বন বিভাগৰ তথ্যত প্ৰকাশ।

Related News