NORTHEAST NOW (Assamese)
Popular Stories

ৰাজ্যত যোৱা ২৪ ঘণ্টাত বানত প্ৰাণ হেৰুৱালে ১০ জনে, নিহতৰ সংখ্যা ৩০ জনলৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 18, 2019 9:42 am

ৰাজ্যত কিছু পৰিমাণে বাঢ়নী পানীৰ পৰিমাণ হ্ৰাস পাইছে যদিও বৰ্তমানো এই প্ৰলয়ংকাৰী বানৰ কবলত আছে বিভিন্ন অঞ্চল। এই ভয়াৱহ প্ৰলয়ংকাৰী বানত যোৱা ২৪ ঘণ্টাত ১০ জন লোকে নিজৰ প্ৰাণ হেৰুৱা লগীয়া হৈছে।

বানত মৃত্যু হোৱা লোকৰ সংখ্যা বৰ্তমানলৈকে ৩০ জনলৈ বৃদ্ধি পাইছেগৈ। ২৪ ঘণ্টাত মৃত্যু হোৱা সকলৰ ভিতৰত দুজন শোণিতপুৰৰ, দুজন ওদালগুৰিৰ, এজন কামৰূপ মহানগৰৰ, চাৰিজন মৰিগাঁৱৰ আৰু এজন নগাঁও জিলাৰ বুলি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্যত প্ৰকাশ।

বুধবাৰলৈকে অৰ্থাৎ ১৭ জুলাইলৈকে উজনি অসমৰ কোনো কোনো ঠাইত বানৰ তাণ্ডৱ হ্ৰাস পাইছে যদিও এই পৰ্যন্ত ২৯ খন জিলা বানৰ কবলত আছে।

আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কিছু পৰিমাণে পানী হ্ৰাস পাইছে যদিও বৰ্তমানলৈকে ৩৯ টা বন্যপ্ৰাণীৰ মৃত্যু হোৱা বুলি কাজিৰঙা উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

প্ৰলয়ংকাৰী বানে উটুৱাই নিছে স্কুল কলেজৰ লগতে ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠান, ঘৰ-দুৱাৰ। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন জিলাত ৪২৭ টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। লগতে ৰাজ্য চৰকাৰে জিলা প্ৰশাসনসমূহক উদ্ধাৰ অভিযান আৰু সাহায্য অভিযান যুদ্ধকালীন তৎপৰতাৰে অব্যাহত ৰাখিবলৈ নিৰ্দেশ দিছে।