NORTHEAST NOW (Assamese)

‘অসমৰ কোনো স্থানতে আমি বন ধ্বংস কৰি মাইনিং হ’বলৈ নিদিওঁ’ : পৰিমল শুক্লবৈদ্য

May 27, 2020 7:18 pm · উত্তম শইকীয়া

কেন্দ্ৰীয় চৰকাৰে দিহিং পাটকাই বৰ্ষাৰণ্যত কয়লাৰ মুক্ত খনন কাৰ্যত অনুমতি প্ৰদান কৰাক লৈ অসমজুৰি বিভিন্ন দল-সংগঠন ইয়াৰ বিৰুদ্ধে সৰৱ হৈ পৰাৰ পিছতে বিষয়টোক লৈ মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যৰ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যয়।

আজি কাজিৰঙাত উপস্থিত হৈ বন মন্ত্ৰী গৰাকীয়ে কয়, ‘আমি আপোনালোকক আস্বস্ত কৰি কওঁ যে দিহিং পাটকায়ে নহয় অসমৰ কোনো স্থানতে আমি বনাঞ্চল ধ্বংস কৰি মাইনিং হ’বলৈ নিদিওঁ।‘

‘পূৰ্বৰ চৰকাৰৰ দিনত দিহিং পাটকাইত কয়লাৰ অবৈধ খনন চলি আছিল’ বুলি উল্লেখ কৰি তেওঁ লগতে কয়, ‘আমাৰ চৰকাৰ অহাৰ পিচত এই কাৰ্য সম্পূৰ্ণৰূপে বন্ধ কৰি আমি ৫ হেজাৰ মেট্ৰিক টন কয়লা জব্দ কৰিছো৷ ক’ল ইণ্ডিয়াক ৪৩ কোটি টকাৰ জৰিমনাও বিহিছো।‘

উল্লেখযোগ্য যে যোৱা কিছুদিন ধৰি ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান প্লাবিত হোৱাৰ সম্ভাৱনা আহি পৰিছে। ইয়াৰে পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় উদ্যানখনত ল’বলগা ব্যৱস্থাৱলীৰ বুজ ল’বৰ বাবে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য আজি কাজিৰঙালৈ আহে।

কাজিৰঙাত মন্ত্ৰীজনে বনবিষয়া সকলৰ লগতে সাম্ভাব্য বানপানীৰ ব্যৱস্থাপনাৰ বিষয়ে আলোচনা কৰাৰ উপৰিও উদ্যানখনৰ পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰ পৰিদৰ্শন কৰি বানপানীৰ বাবে কেন্দ্ৰটোত চলোৱা প্ৰস্তুতিৰো বুজ লয়।

মন্ত্ৰী গৰাকীৰ এই পৰিদৰ্শনত বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক, কাজিৰঙাৰ সঞ্চালক আৰু বনসংমণ্ডল প্ৰাধিকাৰীয়ে তেওঁক সংগ দিয়ে। শুক্লবৈদ্যই কেন্দ্ৰ পৰিচালক ড০ ৰথীন বৰ্মনৰ সৈতেও আলোচনাত বহে।

Related News