NORTHEAST NOW (Assamese)
অসম

অসমীয়াৰ স্বাভিমানৰ প্ৰতীক গামোচালৈ ভৌগোলিক পৰিচয়

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 18, 2019 8:56 pm
fc653bb5f362297aa8c96a3807ea9b78-750x375

অসমীয়াৰ স্বাভিমানৰ প্ৰতীক আৰু চিনাকী গামোচাই লাভ কৰিলে ভৌগোলিক পৰিচয়(Geographical IdentityTag)। ভৌগোলিক সূচাংক বা জি আই হৈছে কোনো এটা সামগ্ৰীৰ আঞ্চলিক পৰিচয় অটুট ৰখাত সহায় কৰা একধৰণৰ বৌদ্ধিক স্বত্ব।

ভৌগোলিক পৰিচয় প্ৰদান কৰা দেশৰ Intellectual Property India (IPI) bodyএ কয়, ‘গামোচাই অসমৰ কৃষি, প্ৰকৃতি, উৎপাদিত সামগ্ৰীৰ ক্ষেত্ৰত পৰিচয় বহন কৰে’।

উল্লেখ্য যে গামেচাক ভৌগোলিক পৰিচয় প্ৰদানৰ বাবে গোলাঘাটস্থিত হস্তশিল্প বিকাশ সংস্থাৰ তৰফৰ পৰা আবেদন জনোৱা হৈছিল।

জি আই পঞ্জীয়নৰ প্ৰমাণ পত্ৰই অসমৰ গামোচাৰ ক্ষেত্ৰত বহিৰাগত ফেক্টৰিসমূহে চলাই অহা এই আৰ্হি নকল কৰাৰ বাট বন্ধ কৰিব বুলি আশা কৰিব পাৰি।

উল্লেখ্য যে গামোচাৰ পূৰ্বে অসমৰ বোকা চাউল (Oryza sativa), মুগা, জহা চাউল আৰু তেজপুৰৰ লিচুৱে ভৌগলিক সূচক’ চিহ্ন (GI) লাভ কৰিছে।