NORTHEAST NOW (Assamese)
অসম

সৰ্বভাৰতীয় মানচিত্ৰত অসমৰ শিৰ উচ্চ কৰা তিনিগৰাকী অসমীয়াৰ আজি জন্মদিন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 18, 2019 9:59 pm
Three Assamese people

আজি ১৮ নৱেম্বৰ। আজিৰ দিনটোত ভাৰত আৰু ৰাজ্যৰ প্ৰেক্ষাপটত নিজৰ প্ৰতিভা আৰু জ্ঞান-আদৰ্শেৰে প্ৰতিষ্ঠা লাভ কৰা তিনিজন অসমীয়াৰ জন্ম হৈছিল।

১৮ নৱেম্বৰত জন্মলাভ কৰা বিখ্যাত অসমীয়া তিনিগৰাকী হ’ল ক্ৰমে-উচ্চতম ন্যায়ালয়ৰ সদ্য অৱসৰ প্ৰাপ্ত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মহাকাশ বিজ্ঞানী জিতেন্দ্ৰ নাথ গোস্বামী আৰু অসমবাসীৰ আদৰৰ শিল্পী জুবিন গাৰ্গ।

অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী কেশৱ চন্দ্ৰ গগৈৰ পুত্ৰ ৰঞ্জন গগৈ দেশৰ ৪৬ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে ৩ অক্টোবৰ ২০১৮ চনৰ পৰা ১৭ নবেম্বৰ ২০১৯ চনলৈ কাৰ্য্যনিৰ্বাহ কৰে।

১৯৫৪ চনৰ ১৮ নবেম্বৰত অসমৰ ডিব্ৰুগড় জিলাত ৰঞ্জন গগৈৰ জন্ম হৈছিল।

গুৱাহাটী উচ্চ ন্যায়ালয়ত আইনৰ অনুশীলন আৰম্ভ কৰা ৰঞ্জন গগৈ দেশৰ মুখ্য ন্যায়াধীশ হিচাপে অযোধ্যা বিবাদ গোচৰৰ ৰায়দানৰ বাবে চিৰদিন ভাৰত বাসীৰ মনত সজীৱ হৈ থাকিব।

বিজ্ঞানৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ শিৰ উচ্চ কৰা বিজ্ঞানী জিতেন্দ্ৰ নাথ গোস্বামীৰ অসমৰ যোৰহাট জিলাত ১৮ নৱেম্বৰ ১৯৫০ চনত জন্ম হৈছিল।

তেতিয়াৰ কটন কলেজ, গুৱাহাটী বিশ্ববিদ্যালয়, টাটা ইষ্টিটিউট অব ফাণ্ডামেণ্টেল ৰিচাৰ্ছ, গুজৰাট বিশ্ববিদ্যালয়ত অধ্যায়ণ কৰা গোস্বামীয়ে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাত যোগদান কৰি সেৱা আৰম্ভ কৰে।

জিতেন্দ্ৰ নাথ গোস্বামীৰ ইছৰোৰ চন্দ্ৰযান-১ আৰু চন্দ্ৰযান-২ৰ ক্ষেত্ৰত বিশেষ ভুমিকা আছে। জিতেন্দ্ৰ নাথ গোস্বামীলৈ ভাৰত চৰকাৰে সন্মানীয় পদ্মশ্ৰী সন্মান আগবঢ়ায়।

ড০ ভূপেন হাজৰিকাৰ পাছত অসমক সংগীতৰ একতাৰ দোলেৰে বান্ধি ৰখা সকলোৰে আদৰৰ শিল্পী জুবিন গাৰ্গৰ জন্ম হৈছিল ১৯৭২ চনৰ ১৮ নৱেম্বৰত মেঘালয়ৰ টুৰাত।

শিশু অৱস্থাৰে পৰা সংগীতৰ সাধনা কৰি অহা জুবিন গাৰ্গে হাজাৰ হাজাৰ অসমীয়া, বড়ো, নেপালী, কাৰ্বি আদি বিভিন্ন ভাষাৰ গীতেৰে অসমীয়া সংগীতৰ ভড়াল চহকী কৰি থৈছে।

অসমৰ লগতে বলীউদ আৰু কলকতাৰ সংগীত ক্ষেত্ৰতো সমানে জনপ্ৰিয় জুবিনে ভালেকেইখন অসমীয়া ছবিত অভিনয় কৰাৰ লগতে বহু কেইখন ছবি পৰিচালনাও কৰিছে।

শিশু, মুক্তি, পাখি, হিয়ামন, দেহামন আদ জুবিন গাৰ্গৰ উল্লেখযোগ্য গীতৰ এলবাম।

জুবিনে অসমৰ বিভিন্ন ভাষাৰ গীতৰ লগতে ইংৰাজী, হিন্দী, বাংলা, মালায়লম আদি বিভিন্ন ভাষাত কণ্ঠ নিগৰাইছে।