NORTHEAST NOW (Assamese)
অসম

ৰাহুল গান্ধীৰ ‘উপলব্ধি’! ৰাইজৰ পৰা দূৰত্ব সৃষ্টি হৈছিল… কিন্তু আমি ফেচিষ্ট নহয়

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 17, 2022 9:09 am

ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাই ১০০ তম দিনত প্ৰৱেশ কৰিছে। ৰাহুল গান্ধীয়ে শুকুৰবাৰে ৰাজস্থানত পদযাত্ৰাত অংশগ্ৰহণ কৰিছিল। তাতেই তেওঁ কয় যে কংগ্ৰেছ কোনো ফেচিষ্ট দল নহয়। তেনে ক্ষেত্ৰত ইয়াত মতভেদ থাকিবই পাৰে।

ৰাহুল গান্ধীয়ে কয় যে কংগ্ৰেছ দলৰ এটা মুখ্য বিষয় আছিল যাতে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ কথাও শুনা যায়। ৰাহুল গান্ধীয়ে লগতে কয় যে আপোনালোকে হয়তো ইয়াকলৈ আনন্দ পাব। হয়তো আপোনাৰ কাকতখন অধিক বিক্ৰী হ’ব। কিন্তু আমাৰ সংগঠনৰ গাঁথনি অনুসৰি কোনো সমস্যা নাই।

লগতে পঢ়ক: এলন মাস্কক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি কোন এই বাৰ্ণাৰ্ড আৰ্নল্ট? কিমান সম্পদৰ গৰাকী তেওঁ?

ৰাহুলে কয়, “আমাৰ দলটো ফেচিষ্ট নহয়। ইয়াত কোনো স্বৈৰতন্ত্ৰ নাই। আমাৰ ইয়াত এটা মুকলি আলোচনা আছে। তৰ্ক-বিতৰ্ক হয়। আমি ইয়াক সহ্য কৰোঁ। কেৱল ৰাজস্থানৰ ক্ষেত্ৰত এনে নহয়। এয়া কংগ্ৰেছৰ পৰম্পৰা। যদি আমাৰ কোনো নেতাই কিবা ক’ব বিচাৰে, আমি তেওঁক ভয় নেদেখুৱাও। তেওঁৰ মুখ বন্ধ কৰি নিদিওঁ।। আৰু এই অসন্তুষ্টিয়ে আমাৰ দলৰ ক্ষতি নকৰে।  আনকি যেতিয়া সংবাদ মাধ্যমবোৰে কিবা কয়, আমি তেওঁলোককো ভয় নেদেখুৱাও।‘’

ৰাহুল গান্ধীয়ে পোনপটীয়াকৈ জনাই দি কয় যে শুনক, আমি যুঁজ এৰি যোৱা নাই। কেইবাজনো কংগ্ৰেছ নেতাৰ দলত্যাগৰ কথা উল্লেখ কৰি তেওঁ কয় যে তেওঁলোকৰ দল ত্যাগক স্বাগতম জনাইছো। তেওঁলোকে বিজেপিৰ সৈতে যুঁজিব নোৱাৰিলে।

লগতে পঢ়ক: মাত্ৰ ১৫ ৰাণত অল আউট; টী-২০ত সৰ্বনিম্ন স্ক’ৰৰ বিশ্ব ৰেকৰ্ড

কংগ্ৰেছ নেতাগৰাকীয়ে কয়, “মই এইটো কোৱা নাই যে কংগ্ৰেছে আগতে কেতিয়াও ভুল কৰা নাছিল। মই এইটোও অনুভৱ কৰোঁ যে মোকে ধৰি কংগ্ৰেছ নেতাসকলে ৰাইজৰ পৰা নিজকে আঁতৰাই ৰাখিছে। ই শাৰীৰিক দূৰত্ব নহয়, ই বেদনাৰ দূৰত্ব। এই যাত্ৰাত মই সাধাৰণ মানুহৰ বেদনা অনুভৱ কৰিছো।‘’