NORTHEAST NOW (Assamese)
অসম

বাধ্যতামূলক নহয় আধাৰৰ সৈতে ভোটাৰ কাৰ্ডৰ সংযোগ; সংসদত স্পষ্ট কৰিলে আইন মন্ত্ৰী ৰিজিজুৱে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 17, 2022 10:08 am

নাগৰিকসকলে তেওঁলোকৰ ভোটাৰ পৰিচয় পত্ৰৰ সৈতে তেওঁলোকৰ আধাৰ কাৰ্ড সংযোগ কৰাটো বাধ্যতামূলক হয় নে নহয় তাকলৈ দ্বিধাত আছিল। কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে শুকুৰবাৰে সংসদত এই সম্পৰ্কত তিনিজন সাংসদৰ প্ৰশ্নৰ স্পষ্ট উত্তৰ দিছিল। কেন্দ্ৰীয় আইন মন্ত্ৰীৰ মতে, ভোটাৰ পৰিচয় পত্ৰৰ সৈতে আধাৰ সংযোগ কৰাটো ভোটাৰসকলৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিব। ইয়াৰ বাবে ভোটাৰসকলৰ সন্মতি ল’বই লাগিব।

ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰৰ সৈতে আধাৰ সংযুক্ত নহ’লেও ভোটাৰ তালিকাৰ পৰা কাৰো নাম বাদ দিয়া নহয়। এইটো সংসদত কেন্দ্ৰীয় আইন মন্ত্ৰীয়ে ঘোষণা কৰে। তেওঁ কয় যে নিৰ্বাচন সংশোধনী আইন, ২০২১য়ে নিৰ্বাচনী বিষয়াসকলক কেৱল পৰিচয়ৰ প্ৰমাণৰ বাবে ভোটাৰৰ আধাৰ নম্বৰ সুধিবলৈ অনুমতি দিয় হৈছে। কিন্তু ভোটাৰসকলে যদি নিবিচাৰে, তেওঁলোকে ইয়াক নিদিবও পাৰে।

লগতে পঢ়ক: ৰাহুল গান্ধীৰ ‘;উপলব্ধি’! ৰাইজৰ পৰা দূৰত্ব সৃষ্টি হৈছিল… কিন্তু আমি ফেচিষ্ট নহয়

চলিত বৰ্ষৰ ১ আগষ্টৰ পৰা ভাৰতৰ নিৰ্বাচন আয়োগে তেওঁলোকৰ ইচ্ছাৰ ভিত্তিত ভোটাৰৰ আধাৰ নম্বৰ সংগ্ৰহ কৰা আৰম্ভ কৰিছে। কিন্তু, নিৰ্বাচন কৰ্তৃপক্ষই ভোটাৰ পৰিচয় পত্ৰৰ সৈতে আধাৰ সংযোগ কৰাটো বাধ্যতামূলক কৰাৰ অভিযোগ উত্থাপিত হৈছিল। আধাৰ-ভোটাৰ কাৰ্ড সংযোগ সম্পৰ্কীয় দুটা অধিসূচনাক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত এখন আবেদনো দাখিল কৰা হৈছিল। ইয়াত কোৱা হৈছে যে চৰকাৰী নিয়ম আৰু অধিসূচনা জাৰী কৰি ভাৰতীয় নিৰ্বাচন আয়োগে নাগৰিকসকলৰ বাবে তেওঁলোকৰ আধাৰ নম্বৰ ভোটাৰ কাৰ্ডৰ সৈতে সংযোগ কৰাটো বাধ্যতামূলক কৰিব বিচাৰিছে।

দাবী কৰা হৈছে যে এই সংযুক্তিকৰণে নাগৰিকসকলৰ তেওঁলোকৰ সাংবিধানিক আৰু আইনী অধিকাৰ প্ৰয়োগ কৰাৰ সামৰ্থ্যৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ পেলাব। কিয়নো, ইয়াৰ ফলস্বৰূপে উপযুক্ত প্ৰক্ৰিয়া অবিহনে বহুতো নাগৰিকৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ দিয়া হ’ব। বহুলোকে ভোটদানৰ অধিকাৰ হেৰুৱাব। লগতে ভোটাৰ তালিকাৰ সৈতে আধাৰ সংযোগ কৰাৰ অৰ্থ হৈছে ভোটৰ গোপনীয়তাৰ সৈতে আপোচ কৰা। মুক্তভাৱে ভোটদানৰ অধিকাৰ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত এই গোপনীয়তা হৈছে মৌলিক প্ৰয়োজনীয়তা।

লগতে পঢ়ক: এলন মাস্কক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি কোন এই বাৰ্ণাৰ্ড আৰ্নল্ট? কিমান সম্পদৰ গৰাকী তেওঁ?

আদালতত, আবেদনকাৰীৰ হৈ হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা শ্যাম দিভানে কৈছিল যে আধাৰ কাৰ্ড কেৱল চৰকাৰী সুবিধা প্ৰদান কৰিবলৈহে ব্যৱহাৰ কৰিব পাৰি। নাগৰিক অধিকাৰ প্ৰয়োগৰ ক্ষেত্ৰত আধাৰ নম্বৰ দিয়াৰ ওপৰত গুৰুত্ব দিব নোৱাৰি। কেৱল আধাৰ কাৰ্ড নাই বাবে ভোটদানৰ অধিকাৰ অস্বীকাৰ কৰিব নোৱাৰি।

শুকুৰবাৰে অৱশ্যে আইন মন্ত্ৰীয়ে সংসদত স্পষ্ট কৰি দিছে যে আধাৰ কাৰ্ড নাথাকিলেও ভোটাৰ তালিকাত নাম থকা কোনো নাগৰিকৰ বাবে ভোট দান কৰাত অসুবিধা নহ’ব।