• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এলন মাস্কক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি কোন এই বাৰ্ণাৰ্ড আৰ্নল্ট? কিমান সম্পদৰ গৰাকী তেওঁ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 17, 2022 8:14 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্লুমবাৰ্গৰ দ্বাৰা প্ৰকাশিত বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত ফ্ৰান্সৰ বাৰ্ণাৰ্ড আৰ্নল্টে প্ৰথম স্থান দখল কৰিছে। তেওঁ দীৰ্ঘদিন ধৰি শীৰ্ষস্থানত থকা টুইটাৰৰ নতুন গৰাকী টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়া এলন মাস্কক অতিক্ৰম কৰে। কিন্তু এইটো হয়তো সাময়িকভাৱে কিছু সময়ৰ বাবে হ’ব পাৰে। কিয়নো, যদি টেছলা মটৰ্চৰ শ্বেয়াৰৰ মূল্য বৃদ্ধি হয়, তেতিয়া এলন মাস্কে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ মৰ্যাদা ঘূৰাই পাব।

বিশ্বৰ আটাইতকৈ নতুন ধনী ব্যক্তি বাৰ্ণাৰ্ড আৰ্নল্ট কোন? বাৰ্ণাৰ্ড আৰ্নল্ট হৈছে এক ফৰাচী বিলাসী সামগ্ৰীৰ কোম্পানী এলভিএমএইচ-ৰ অধ্যক্ষ। ১৯৪৯ চনত ফ্ৰান্সৰ উত্তৰে থকা ৰুবেইক্সত আৰ্নল্টৰ জন্ম হৈছিল। তেওঁ পেৰিছৰ এখন প্ৰসিদ্ধ অভিযান্ত্ৰিক বিদ্যালয় ইকোল পলিটেকনিকৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পিছত তেওঁ পাৰিবাৰিক ব্যৱসায়ত যোগদান কৰি নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। ১৯৭৮ চনত তেওঁ ব্যৱসায়ত ধাৰাবাহিক সাফল্যৰ জৰিয়তে পাৰিবাৰিক প্ৰতিষ্ঠান ফেৰেট-চাভিনেল (নিৰ্মাণ সামগ্ৰী কোম্পানী)ৰ অধ্যক্ষ হয়।

ছয় বছৰৰ পিছত আৰ্নল্টে দেউলিয়া হোৱা টেক্সটাইল কোম্পানী বুচাক ছেইণ্ট-ফ্ৰাছ ফ্ৰান্স চৰকাৰৰ পৰা ক্ৰয় কৰে। টেক্সটাইল গ্ৰুপটো ফ্ৰান্সৰ বিখ্যাত ফেশ্বন হাউচ ক্ৰিষ্টিয়ান ডায়ৰৰ গৰাকী আছিল। ফলস্বৰূপে এই প্ৰতিষ্ঠানটোৰ নিয়ন্ত্ৰণো আৰ্নল্টৰ হাতত আহে।

Apply Now

আৰ্নল্টৰ নেতৃত্বত ঋণগ্ৰস্ত গোটটোৱে লাহে লাহে ঠন ধৰি আহিবলৈ আৰম্ভ কৰে আৰু এসময়ত বিশ্বৰ আগশাৰীৰ বিলাসী সামগ্ৰী কোম্পানী হিচাপে আত্মপ্ৰকাশ কৰে। লুই ভিটন, খ্ৰীষ্টান ডয়াৰ, হুবলট, লে পাৰ্চিয়াৰ দৰে কোম্পানীবোৰ আৰ্নল্টৰ কোম্পানী এলভিএমএইচৰ অন্তৰ্ভুক্ত।

১৯৮৭ চনত লুই ভিটন আৰু ম’ট হেনেচীৰ সৈতে এলভিএমএইচ গ্ৰুপ গঠন হোৱাৰ দুবছৰ পিছত ১৯৮৯ চনত আৰ্নল্টে কোম্পানীটোৰ শ্বেয়াৰৰ এক গুৰুত্বপূৰ্ণ অংশ ক্ৰয় কৰে। তেতিয়াৰ পৰা, তেওঁ এলভিএমএইচৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।

তিনি দশকৰো অধিক সময় ধৰি আৰ্নল্টে এলভিএমএইচক বিলাসী সামগ্ৰীৰ এক পাৱাৰ হাউচত পৰিণত কৰিছে। এলভিএমএইচ হৈছে চেম্পেইন, ৱাইন, ফেশ্বনেবল কাপোৰ, চামৰাৰ সামগ্ৰী, ঘড়ী, গহনা, প্ৰসাধন সামগ্ৰী আৰু সুগন্ধি সামগ্ৰীৰ এক বৃহৎ সংগ্ৰহ। বৰ্তমান, এলভিএমএইচ-ৰ সমগ্ৰ বিশ্বত ৫,৫০০ বিপনী আছে।

কেৱল ইউৰোপতে নহয়, ১৯৯২ চনত তেওঁ চীনৰ বেইজিংত লুই ভিটনৰ শ্ব’ৰুম খুলিছিল আৰু এছিয়াৰ সৰ্ববৃহৎ বজাৰত তেওঁৰ আধিপত্য দেখুৱাইছিল।

বাৰ্ণাৰ্ড আৰ্নল্ট ব্যক্তিগত জীৱনত দুবাৰ বিবাহপাশত আৱদ্ধ হৈছে। তেওঁৰ ৫ টা সন্তান আছে। ব্লুমবাৰ্গৰ মতে, আৰ্নল্টৰ পৰিয়ালৰ সকলোৱে তেওঁৰ কোম্পানী এলভিএমএইচ বা ইয়াত অন্তৰ্ভুক্ত যিকোনো ব্ৰেণ্ডৰ ব্যৱসায়িক কাৰ্যকলাপৰ সৈতে জড়িত।

বাৰ্ণাৰ্ড আৰ্নাল্টৰ সম্পদ কিমান?

যোৱা ১৩ ডিচেম্বৰত ব্লুমবাৰ্গ বিলিয়নেয়াৰ ইণ্ডেক্সৰ মতে, টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়া মাস্কৰ ১৬৪ বিলিয়ন ডলাৰ সম্পদক অতিক্ৰম কৰি আৰ্নল্টৰ সম্পদৰ মুঠ মূল্য ১৭১ বিলিয়ন ডলাৰ হৈছে। যোৱা সপ্তাহত পেৰিছস্থিত ধনাঢ্য ব্যক্তিজনে ফৰ্বছৰ ‘ৰিয়েল-টাইম বিলিয়নেয়াৰ’ তালিকাত শীৰ্ষস্থান দখল কৰিছে।

অৱশ্যে, যথেষ্ট ধন-সম্পত্তিৰ গৰাকী হোৱা স্বত্বেও আৰ্নল্টে নিজকে আঁৰত লুুঁৱাই ৰাখিবলৈ ভাল পায়। জেফ বেজোছ, বিল গেটছ, গৌতম আদানি বা এলন মাস্কক সকলোৱে যিদৰে জানে সেইদৰে বহুলোকে আৰ্নল্টক নাজানিব পাৰে। তথাপি, তেওঁ এইবাৰ ধনী লোকৰ তালিকাত প্ৰথম স্থান নিশ্চিত কৰিছে।

ব্লুমবাৰ্গ বিলিয়নেয়াৰ ইণ্ডেক্স অনুসৰি, মাস্কে এই বছৰ মুঠ ১০৭ বিলিয়ন ডলাৰ হেৰুৱাইছে। এতিয়ালৈকে টেছলাৰ শ্বেয়াৰৰ মূল্য হ্ৰাস হোৱা আৰু টুইটাৰ সম্পৰ্কীয় বিভিন্ন কেলেংকাৰীৰ বাবে তেওঁ এক বৃহৎ লোকচানৰ সন্মুখীন হৈছে। ফলস্বৰূপে, ধনী লোকৰ তালিকাত তেওঁ প্ৰথম স্থানৰ পৰা বাদ পৰিছে।

আনহাতে, কৰোনা মহামাৰী আৰু বিশ্বব্যাপী মন্দাৱস্থাৰ প্ৰভাৱৰ বাবে এই বছৰ আৰ্নল্টৰ সম্পদ প্ৰায় ৭ বিলিয়ন ডলাৰ হ্ৰাস পাইছে যদিও ই তেওঁক শীৰ্ষ স্থানত উপনীত হোৱাত ৰখাব পৰা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd