NORTHEAST NOW (Assamese)

নগদ ধন নচলিব, কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে অনলাইন মাচুল দিব লাগিব গুৱাহাটী বিশ্ববিদ্যালয়ক

June 12, 2019 6:12 pm · এন ই নাও নিউজ
Updated: June 12, 2019 6:21 pm
গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰৱেশ তোৰণ।

নগদ ধনৰ পৰিৱৰ্তে ছাত্ৰী-ছাত্ৰৰ সকলো মাচুল অনলাইনযোগে লোৱাৰ জাননী জাৰি কৰিছে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

বিশ্ববিদ্যালয়খনত অধ্যয়নৰতসকলৰ লগতে ইয়াৰ অধীন সকলো কলেজৰ ছাত্ৰ-ছাত্ৰীৰ মাচুলো অনলাইনযোগেই গ্ৰহণ কৰাৰ বাবে সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীক নিৰ্দেশ দিয়া হৈছে।

অকল ছাত্ৰ-ছাত্ৰীৰ মাচুলেই নহয়, ধনৰ যিকোনো লেনেদেনেই বিশ্ববিদ্যালয়খনে এতিয়াৰে পৰা পে’মেন্ত গে’টৱে’ৰ জৰিয়তে কৰিব। “সংশ্লিষ্ট সকলোৰে জ্ঞাতাৰ্থে এই জাননী জাৰি কৰা হৈছে যে এতিয়াৰে পৰা বিশ্ববিদ্যালয়ে সকলো ধন পে’মেন্ত গে’টৱে’ৰ যোগেদি গ্ৰহণ কৰিব,” পঞ্জীয়কে জাৰি কৰা জাননীত কোৱা হৈছে।

নামভৰ্তিৰ সময়ত পঞ্জীয়ন, নামভৰ্তি আৰু পৰীক্ষা মাচুলৰ নামত নগদ ধন নল’বলৈ সোমবাৰে জাৰি কৰা জাননীখন (GU/M/2019/2272-2534)ত কোৱা হৈছে। বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যই যোৱা ১০ জুনত এই সিদ্ধান্তত অনুমোদন জনাইছে।

বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ডিগ্ৰী কলেজসমূহৰ ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ প্ৰথম ষান্মাষিকৰ পঞ্জীয়নৰ সময়ত পঞ্জীয়ন আৰু নামভৰ্তি মাচুল অনলাইনযোগে আদায় দিব লাগিব।

একেদৰে তৃতীয় আৰু দ্বিতীয় ষান্মাষিকৰ ছাত্ৰ-ছাত্ৰীয়েও সংশ্লিষ্ট পঞ্জীয়নৰ সময়ত নামভৰ্তি আৰু পৰীক্ষা মাচুল অনলাইনযোগে পৰিশোধ কৰিব লাগিব।

“মাচুল ৰেহাই পোৱা ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত চৰকাৰৰ পৰা ধনখিনি ঘূৰাই পোৱাৰ পিছত কলেজসমূহে বিশ্ববিদ্যালয়ক পৰিশোধ কৰিব আৰু সেই ছাত্ৰ-ছাত্ৰীসকলৰ তালিকা দাখিল কৰিব,” বিশ্ববিদ্যালয়ৰ জাননীত কোৱা হৈছে।

ইয়াত ক্লিক কৰি সম্পূৰ্ণ জাননীখন পঢ়ক।

লগতে পঢ়ক– গুৱাহাটী বিশ্ববিদ্যালয়ত পিজি পঢ়িব? পৰীক্ষা দিব লাগিব ||সবিশেষ

Related News