NORTHEAST NOW (Assamese)

ৰাজ্যৰ বন বিভাগৰ বহু শীৰ্ষ বিষয়াক বদলিৰ নিৰ্দেশ, কাক, ক’লৈ কৰিলে বদলি? সম্পূৰ্ণ তালিকা

July 21, 2021 3:22 pm · এন ই নাও নিউজ

অসম চৰকাৰে ৰাজ্যৰ বন বিভাগৰ বহু কেইগৰাকী শীৰ্ষ বিষয়াক বদলিৰ নিৰ্দেশ দিছে।

বদলিৰ নিৰ্দেশ লাভ কৰা বিষয়াসকলৰ ভিতৰত ভাৰতীয় বন সেৱা আৰু অসম বন সেৱাৰ বহু কেইগৰাকী বিষয়া আছে।

শেহতীয়াকৈ অসম চৰকাৰে জাৰি কৰা নিৰ্দেশনামৰ্মে ডুমডুমা সংমণ্ডলৰ বন সংমণ্ডল বিষয়া ৰাজীৱ কুমাৰ দাসক গুৱাহাটীত ফৰেষ্ট ইউটিলাইজেছন বিষয়া হিচাবে বদলি কৰা হৈছে।তেওঁ এএম গোস্বামীৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰিব।

গুৱাহাটীত মুখ্য বন সংৰক্ষকৰ কাৰ্যালয়ত কৰ্মৰত ভাৰতীয় বন সেৱাৰ বিষয়া প্ৰশান্ত ধান্ধাক গুৱাহাটীৰ প্ৰধান বন সংৰক্ষকৰ কাযালয়ত পৰিকল্পনা বিষয়া-২ হিচাবে বদলি কৰা হৈছে। তেওঁ আলতামাছ বেগৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰিব।

গুৱাহাটীত ডিচিএফ হিচাবে কৰ্মৰত ভাৰতীয় বন সেৱাৰ বিষয় জিতেন্দ্ৰ কুমাৰক গোৱালপাৰা সংমণ্ডলৰ বন সংমণ্ডল বিষয়া হিচাবে বদলি কৰা হৈছে। তেওঁ খনীন্দ্ৰ নাথ দাসৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰিব।

কাচাৰৰ হন সংমণ্ডল বিষয়া চানি দেউল ইন্দ্ৰ দেউ চৌধুৰীক উত্তৰ কামৰূপৰ বন সংমণ্ডল বিষয়া হিচাবে বদলি কৰা হৈছে।তেওঁ দীপক চন্দ্ৰ ডেকাৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰিব।

গুৱাহাটীৰ সামাজিক বনানীকৰণ বিভাগৰ বন সংমণ্ডল বিষয়া হিচাবে কৰ্মৰত ভাৰতীয় বন সেৱাৰ বিষয়া ডিম্পী বৰাক কামৰূপ পশ্চিমৰ বন সংমণ্ডল বিষয়া হিচাবে বদলি কৰা হৈছে। তেওঁ ৰঞ্জিত কোঁৱৰৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰিব।

ভাৰতীয় বন সেৱাৰ বিষয়া ৰোহিনী বল্লভ শইকীয়াই বৰ্তমান গুৱাহাটীত ডিচিএছ হিচাবে কৰ্মৰত হৈ আছে। তেওঁক কামৰূপ পূবৰ বন সংমণ্ডল বিষয়া হিচাবে বদলি কৰা হৈছে। তেওঁ ভাস্কৰ ডেকাৰ পৰা আৰ্যভাৰ গ্ৰহম কৰিব।

তিনিচুকীয়াৰ বন্যপ্ৰাণী বিভাগৰ বন সংমণ্ডল বিষয়া ৰাজেন্দ্ৰ সিং ভাৰতীক ডুমডুমা সংমণ্ডলৰ বন সংমণ্ডল বিষয়া হিচাবে বদলি কৰা হৈছে। তেওঁ ৰাজীৱ দাসৰ ঠাইত কাৰ্যভাৰ গ্ৰহণ কৰিব।

বিশ্বনাথ বন্যপ্ৰাণী বিভাগৰ বন সংমণ্ডল বিষয়া অশ্বিনী কুমাৰক অসম ৰাজ্যিক চিৰিয়াখানৰ বন সংমণ্ডল বিষয়া হিচাবে বদলি কৰা হৈছে।তেওঁ তেজাছ মাৰিস্বামীৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰিব।

শোণিতপুৰ পূব সংমণ্ডলৰ বনসংমণ্ডল বিষয়া ভাৰতীয় বন সেৱাৰ জয়শ্ৰী নাইডিঙক গুৱাহাটী বন্যপ্ৰাণী বিভাগৰ বন সংমণ্ডল বিষয়া হিচাবে বদলি কৰা হৈছে। তেওঁ জয়ন্ত ডেকাৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰিব।

শিৱসাগৰৰ বন সংমণ্ডল বিষয়া কদম সুহাস তাৰাচান্দক হল্টুগাঁৱৰ বন সংমণ্ডল বিষয়া হিচাবে বদলি কৰা হৈছে।

মঙলদৈ বন্যপ্ৰাণী বিভাগৰ বন সংমণ্ডল বিষয়া ভাৰতীয় বন সেৱাৰ বিভি সন্দীপক ডিব্ৰুগড়ৰ বন সংমণ্ডল বিষয়া হিচাবে বদলি কৰা হৈছে। তেওঁ প্ৰদীপ্ত বৰুৱাৰ ঠাইত অধিষ্ঠিত হ’ব।

ধুবুৰীৰ বন সংমণ্ডল বিষয়া ভাৰতীয় বন সেৱাৰ পালভে বিজয় ত্ৰিম্বাকক গুৱাহাটীস্থ নামনি অসম চক্ৰৰ ৱৰ্কিং প্লেন অফিচাৰ বিচাবে বদলি কৰা হৈছে।

নগাঁও বন্য প্ৰাণী সংমণ্ডলৰ বন সংমণ্ডল বিষয়া ভাৰতীয় বন সেৱাৰ অৰুণ ভিগনেছক শোণিতপুৰ পূবৰ বন সংমণ্ডল বিষয়া হিচবে বদলি কৰা হৈছে। তেওঁ

ডিব্ৰুগড়ৰ সামাজিক বনানীকৰণৰ বন সংমণ্ডল বিষয়া অসম বন সেৱাৰ চাইদুল ইছলামক গুৱাহাটীৰ প্ৰধান বন সংৰক্ষকৰ কাৰ্যালয়ত ডিচিএফ হিচাবে নিযুক্তি দিয়া হৈছে।

গুৱাহাটীত ডিচিএফ হিচাবে কৰ্মৰত অসম বন সেৱাৰ বিষয়া বিনোদ পায়েঙক গুৱাহাটীৰ সামাজিক বনানীকৰণৰ বন সংমণ্ডল বিষয়া হিচাবে বদলি কৰা হৈছে। তেওঁ ভাৰতীয় বন সেৱৰ বিষয়া ডিম্পী বৰাৰপৰা কাৰ্যভাৰ গ্ৰহম কৰিব।

আই ভেলী সংমণ্ডলৰ বন সংমণ্ডল বিষয়া অসম বন সেৱাৰ এএছ আৰিফক প্ৰধান বন সংৰক্ষকৰ কাৰ্যালয়ত ডিচিএফ হিচাবে নিযুক্তি দিয়া হৈছে।

বিশ্বনাথ সামাজিক বনানীকৰণৰ বন সংমণ্ডল বিষয়া অসম বন সেৱাৰ পল্লৱ ডেকাক নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ বন সংমণ্ডল বিষয়া হিচাবে বদলি কৰা হৈছে।

অসম বন সেৱাৰ বিষয়া ৰঞ্জিত কোঁৱৰক কামৰূপ পশ্চিমৰ বন সংমণ্ডল বিষয়াৰ পৰা বদলি কৰি যোৰহাটৰ উজনি অসম চক্ৰৰ ৱৰ্কিং প্লেন বিষয়া হিচাবে নিযুক্তি দিয়া হৈছে।

শোণিতপুৰ পশ্চিমৰ বন সংমণ্ডল বিষয়া অসম বন সেৱাৰ ছাফিকুৰ ৰহমানক প্ৰধান বন সংৰক্ষকৰ কাৰ্যালয়ত ডিচিএফ হিচাবে নিযুক্তি দিয়া হৈছে। তেওঁ অসম বন সেৱাৰ অশোক দেৱ চৌধুৰীৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰিব।

অসম বন সেৱাৰ দিৱাকৰ দেৱক ছিলভিকালচাৰিষ্ট আৰু অতিৰিক্তভাৱে ডিচিএফৰ দায়িত্ব দিয়া হৈছে।

যোৰহাটত ডিচিএফ হিচাবে কৰ্মৰত সমীৰ শুক্লবৈদ্যক গুৱাহাটীত ডিচিএফ হিচাবে নিযুক্তি দিয়া হৈছে।

হাইলকান্দিৰ বন সংমণ্ডল বিষয়া অসম বন সেৱাৰ মণ্টাজ আলিক গুৱাহাটীত ডিচিএফ হিচাবে নিযুক্তি দিয়া হছে।

ডিব্ৰুগড়ৰ বন সংমণ্ডল বিষয়া প্ৰদীপ্ত বৰুৱাক মঙলদৈ বন্যপ্ৰাণী সংমণ্ডলৰ বন সংমণ্ডল বিষয়া হিচাবে বদলি কৰা হৈছে।

অসম বনসেৱাৰ বিষয়া বিশ্বজিৎ ৰায়ক গুৱাহাটীৰ জেনেটিক শাখাৰ বন সংমণ্ডল বিষয়া পদৰ পৰা বদলি কৰি মুখ্য বন সংৰক্ষকৰ কাৰ্যালয়ত ডিচিএফ হিচাবে নিযুক্তি দিয়া হৈছে।

গুৱাহাটী বন্যপ্ৰাণী সংমণ্ডলৰ বন সংমণ্ডল বিষয়া জয়ন্ত ডেকাক হাইলকান্দিৰ বন সংমণ্ডল বিষয়া হিচাবে নিযুক্তি দিয়া হৈছে।

লখিমপুৰৰ বন সংমণ্ডল বিষয়া বাবুল চন্দ্ৰ দাসক শিলচৰৰ ডিচিএফ হিচাবে বদলি কৰা হৈছে।

কামৰূপ পূবৰ বন সংমণ্ডল বিষয়া অসম বন সেৱাৰ ভাস্কৰ ডেকাক নগাঁৱলৈ বন সংমণ্ডল বিষয়া হিচাবে বদলি কৰা হৈছে।

অসম বন সেৱাৰ বিষয়া ভানু সিনহাক কৰিমগঞ্জৰ বন সংমণ্ডল বিষয়া পদৰ পৰা বদলি কৰি কচুগাঁৱৰ বন সংমণ্ডল বিষয়া হিচাবে নিযুক্তি দিয়া হৈছে।

গোৱালপাৰা সংমণ্ডলৰ বন সংমণ্ডল বিষয়া খনীন্দ্ৰ নাথ দাসক প্ৰধান বন সংৰক্ষকৰ কাৰ্যালয়ত জ্যেষ্ঠ বন্যপ্ৰাণী ৱাৰ্ডেন হিচাবে বদলি কৰা হৈছে।

উত্তৰ কামৰূপৰ বন সংমণ্ডল বিষয়া দীপক চন্দ্ৰ ডেকাক ধুবুৰীৰ বন সংমণ্ডল বিষয়া হিচাবে বদলি কৰা হছে।

অসম বন সেৱাৰ চিভিকালচাৰিষ্ট শৈলেন দাসক জেনেটিক শাখাৰ বন সংমণ্ডল বিষয়া হিচাবে বদলি কৰা হৈছে।

অসম বন সেৱৰ পিচি সাউদক গুৱাহাটীৰ মুখ্য বন সংৰক্ষকৰ ডিচিএফ পদৰ পৰা বদলি কৰি ডিব্ৰুগড়ৰ সামাজিক বনানীকৰণৰ বন সংমণ্ডল বিষয়া হিচাবে নিযুক্তি দিয়া হৈছে।

মাজুলীৰ বন সংমণ্ডল বিষয়া কে কে দেউৰীক তিনিচুকীয়া বন্যপ্ৰাণী সংমণ্ডলৰ বন সংমণ্ডল বিষয়া হিচাবে বদলি কৰা হৈছে।

যোৰহাটত ডিচিএফ হিচাবে কৰ্মৰত জয় ৰাম বৰুৱাক মাজুলীৰ বন সংমণ্ডল বিষয়া হিচাবে নিযুক্তি দিয়া হৈছে।

নগাঁৱৰ ডিচিএফ দেবেন চন্দ্ৰ কলিতাক শিৱসাগৰৰ বন সংমণ্ডল বিষয়া হিচাবে বদলি কৰা হৈছে।

গুৱাহাটীৰ মুখ্য বন সংৰক্ষকৰ কাৰ্যালয়ত কৰ্মৰত ডিচিএফ ৰোহিনী কুমাৰ দাসক দিয়া হৈছে ধেমাজিৰ বন সংমণ্ডল বিষয়াৰ দায়িত্ব।

তেজপুৰৰ ডিচিএফ ৰুবুল পাঠকক যোৰহাটৰ ডিচিএফ হিচাবে বদলি কৰা হৈছে।

গুৱাহাটীৰ পৰিকল্পনা শাখাৰ ডিচিএফ সুবোধ তালুকদাৰক আইভেলীৰ বন সংমণ্ডল বিষয়া হিচাবে বদলি কৰা হৈছে।

গুৱাহাটীৰ মুখ্য বন সংৰক্ষকৰ কাৰ্যালয়ত ডিচিএফ হিচাবে কৰ্মৰত নৃপেন নাৰায়ণ কলিতাক শোণিতপুৰ পশ্চিমৰ বন সংমণ্ডল বিষয়া হিচাবে বদলি কৰা হৈছে।

লখিমপুৰৰ বন সংমণ্ডল বিষয়া হিচাবে বদলি কৰা হৈছে অশোক দেৱ চৌধুৰীক। তেওঁ পূৰ্বে প্ৰধান বন সংৰক্ষকৰ কাৰ্যালয়ত ডিচিএফ আছিল।

বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ বন সংমণ্ডল বিষয়া হিচাবে নিযুক্তি দিয়া হৈছে কনক বৈশ্যক। তেওঁ পূৰ্বে মুখ্যবন সংৰক্ষকৰ কাৰ্যালয়ত ডিচিএফ আছিল।

শিলচৰৰ ডিচিএফ অখিল দত্তক গুৱাহাটীৰ মুখ্য বন সংৰক্ষকৰ কাৰ্যালয়ত ডিচিএফ নিযুক্তি দিয়া হৈছে।

বঙাইগাঁৱৰ ডিচিএফ ইউনিছ চালিমক গোৱালপাৰাৰ সামাজিক বনানীকৰণৰ বন সংমণ্ডল বিষয়া হিচাবে নিযুক্তি দিয়া হৈছে।

ধেমাজিৰ বন সংমণ্ডল বিষয়া মতিউৰ ৰহমানক গুৱাহাটীতডিচিএফ হিচাবে নিযুক্তি দিয়া হৈছে ।
নগাঁৱৰ বন সংমণ্ডল বিষয়া ভাৰতীয় বন সেৱাৰ বসন্ত বিক কৰিমগঞ্জৰ বন সংমণ্ডল বিষয়া হিচাবে নিযুক্তি দিয়া হৈছে।

এইসকলো বিষয়াকে ২৩ জুলাইৰ ভিতৰত কাৰ্যভাৰ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

Related News