NORTHEAST NOW (Assamese)

অসমৰ ৰাজ্যপালে জোৱান সকলৰ সৈতে উদযাপন কৰিব পোহৰৰ উৎসৱ দীপাৱলী

October 25, 2019 12:59 pm · এন ই নাও নিউজ
অসমৰ ৰাজ্যপাল জগদীশ মুখীৰ ফাইল ছবি

অসমৰ ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীয়ে কৰিমগঞ্জ জিলাৰ লাটিটিলাৰ ব’ৰ্ডাৰ আউট প’ষ্টৰ জোৱান সকলৰ সৈতে উদযাপন কৰিব পোহৰৰ উৎসৱ দীপাৱলী।

বি এছ এফ জোৱানসকলে উৎসৱৰ আনন্দৰ সময়ত দেশ সেৱাত ব্ৰতী থাকিব লগীয়া হোৱা হেতুকে তেওঁলোকৰ সৈতে ৰাজ্যপাল গৰাকীয়ে অহা ২৭ অক্টোবৰত পোহৰৰ উৎসৱ দীপাৱলী উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে।

নিজৰ আপোন ঘৰ তথা আত্মীয়ৰ পৰা দূৰত থকা জোৱান সকলে যাতে পোহৰৰ উৎসৱ দীপাৱলীৰ আনন্দ উপভোগৰ পৰা বিৰত নহয় সেই কথা লক্ষ্য ৰাখিয়েই এই সিদ্ধান্ত লয় ৰাজ্যপাল গৰাকীয়ে।

উল্লেখ্য যে জোৱান সকলে নিজৰ জীৱন বিপদাপন্ন কৰি অহৰহ সীমান্ত সুৰক্ষাৰ জৰিয়তে নিজ মাতৃভূমিক সুৰক্ষিত কৰি ৰাখে। সেয়ে জোৱানসকলক দীপাৱলীৰ আনন্দ উপভোগৰ সুযোগ দিয়াৰ উদ্দেশ্যে ৰাজ্যপাল গৰাকীয়ে পোহৰৰ উৎসৱটি তেওঁলোকৰ সৈতে উদাযাপন কৰিব।

Related News