NORTHEAST NOW (Assamese)

ৰাজ্যৰ সকলোবোৰ বনাঞ্চল আৰু বনসংমণ্ডলৰ বনকৰ্মীলৈ বৰ্ধিত ৰেচন ভাট্টাৰ ঘোষণা

July 20, 2021 4:37 pm · উত্তম শইকীয়া
কাজিৰঙাত বনকৰ্মীৰ প্ৰশিক্ষণ। ফাইল ফটো।

অসম চৰকাৰৰ পৰিবেশ আৰু বন মন্ত্ৰালয়ে সোমবাৰে জাৰি কৰা এক নিৰ্দেশ মতে অসমৰ বন বিভাগত কৰ্মৰত সকলো বোৰ বনকৰ্মীৰ বাবে মাহে ২০০০ টকাৰ ৰেচন ভাট্টাৰ দিয়াৰ কথা ঘোষণা কৰিছে ৷

পৰিবেশ আৰু বন মন্ত্ৰালয়ৰ প্ৰধান মুখ্য সচিব এ যোশী স্বাক্ষৰিত FRP.9/2018/30 নম্বৰৰ এই নিৰ্দেশ মতে ৰাজ্যখনৰ সকলোবোৰ বানাঞ্চল আৰু বন সংমণ্ডলত কৰ্মৰত প্ৰতিজন বন কৰ্মীয়েই জুলাই মাহৰ পৰা ২০০০ টকাৰ ৰেচন ভাট্টা লাভ কৰিব বুলি উল্লেখ কৰিছে ৷

উল্লেখ্য ইয়াৰ আগতে অসম চৰকাৰে অকল বন সুৰক্ষা বাহিনীৰ বাবেহে ৰেচন ভাট্টা আগবঢ়াইছিল ৷

যাক লৈ অসন্তোষ প্ৰকাশ কৰিছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকে ধৰি ৰাজ্যৰ বিভিন্ন সংৰক্ষিত বনাঞ্চলত সুদীৰ্ঘ দিন কৰ্মৰত বনকৰ্মী সকলে৷

এতিয়া সকলোবোৰ বনকৰ্মীৰ বাবে ৰেচন ভাট্টা আগবঢ়োৱাৰ বাবে এই সকল বনকৰ্মীয়ে সন্তোষ প্ৰদান কৰিছে ৷

Related News