NORTHEAST NOW (Assamese)

গান্ধী জয়ন্তীত ২০ জন কাৰাবন্দীৰ ৰেহাইত অনুমোদন ৰাজ্য চৰকাৰৰ

September 27, 2018 8:49 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জন্ম বাৰ্ষিকী উপলক্ষে অসম চৰকাৰে নিৰ্দিষ্ট শাখাৰ অধীনত ২০ জন কাৰাবন্দীৰ বিৰুদ্ধে থকা শাস্তিৰ ম্যাদ ৰেহাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

শাস্তিৰ ম্যাদ ৰেহাই দিয়া কাৰাবন্দীসকল হৈছে- ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ শচীন নায়ক, সুৰেশ মাঝি, সুনীল দেৱনাথ, সুলজিনা ধন; যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ কনভাই গগৈ; বৰপেটা জিলা কাৰাগাৰৰ নাছিৰ আলী; গোলাঘাট জিলা কাৰাগাৰৰ বিকাশ শৰ্মা, হৰেশ্বৰ গগৈ, ৰাধে ওৰাং, ইন্দ্ৰজিৎ ৰাজখোৱা আৰু অমৰ কুমাৰ হাজৰিকা; তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ সিৰালু টপ্নো; নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ হেকমত আলী; তিনিচুকীয়া জিলা কাৰাগাৰৰ পৰা ৰাজদেউ লোধী আৰু ৰাজেন শৰ্মা; ধেমাজি জিলা কাৰাগাৰৰ হেমলাল কাটেল, তৰুণ বসুমতাৰী, সঞ্জীৱ বসুমতাৰী আৰু অঞ্জন টান্তুবাই। এগৰাকী বিষয়াই এই কথা জানিবলৈ দিছে।

এই কাৰাবন্দীসকলক অহা ২ অক্টোৱৰত প্ৰথম পৰ্যায়ত মুকলি কৰি দিয়াৰ বাবে অনুমোদন দিয়া হৈছে।

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় কেবিনেটে ২ অক্টোৱৰত কাৰাবন্দীৰ বাবে এক বিশেষ ৰেহাইত অনুমোদন জনাইছিল।

গৃহ মন্ত্ৰ্যালয়ে সকলোবোৰ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক এইক্ষেত্ৰত যোগ্য কাৰাবন্দীসকলক বাচি উলিওৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছিল।

তেওঁলোকক এই সম্পৰ্কীয় গোচৰবোৰ পৰীক্ষা কৰিবলৈ এখন কমিটি গঠন কৰাৰ লগতে কমিটিৰ পৰামৰ্শাৱলী সংবিধানৰ ১৬১ নং অনুচ্ছেদৰ অধীনত অনুমোদনৰ বাবে বিবেচনাৰ্থে ৰাজ্যপালৰ আগত দাখিল কৰাৰ পৰামৰ্শ দিছিল।

জাতিৰ পিতাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই চৰকাৰে অপৰাধীসকলক ৰেহাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।

Related News