NORTHEAST NOW (Assamese)

কাইলৈ আলি আঃয়ে লৃগাংঃ ১১ খন জিলাত বন্ধ ঘোষণা ৰাজ্য চৰকাৰৰ

February 13, 2024 3:39 pm · এন ই নাও নিউজ, গুৱাহাটী

কাইলৈ ফাগুনৰ প্ৰথমটো বুধবাৰ। ৰাজ্যৰ অন্যতম বৃ্হৎ জনগোষ্ঠী মিচিংসকলে কাইলৈ পালন কৰিব আলি আঃয়ে লৃগাং।

মিচিউং সকলৰ এই কৃষিভিত্তিক উৎসৱটিৰ উপলক্ষে ৰাজ্যৰ ১১ খন জিলাত বন্ধ ঘোষণা কৰিছে অসম চৰকাৰে।

ধেমাজী, উত্তৰ লখিমপুৰ, শোণিতপুৰ, তিনিচুকীয়া, বিশ্বনাথ, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, মাজুলী আৰু চৰাইদেউ জিলাত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে।

উল্লেখ্য যে ৰাজ্যৰ অন্যতম বৃ্হৎ জনগোষ্ঠী হোৱাৰ পিছতো আলি আঃয়ে লৃগাঙত চৰকাৰী বন্ধ ঘোষণা নকৰাক লৈ ব্যাপক প্ৰতিবাদৰ সৃষ্টি হৈছিল।

এই প্ৰতিবাদৰ সময়ত কেইবাগৰাকী ব্যক্তিক আটক কৰিছিল অসম পুলিচে।

Related News