NORTHEAST NOW (Assamese)

‘কেব’ৰ আন্দোলন ৰুধিবলৈ চৰকাৰৰ কূটকৌশল; আন্দোলনত শিক্ষাৰ্থীৰ অংশগ্ৰহণ নিষিদ্ধ

December 7, 2019 5:53 pm · এন ই নাও নিউজ
Updated: December 7, 2019 6:12 pm

‘কেব’ জ্বলিছে সমগ্ৰ ৰাজ্য। কেন্দ্ৰই জাপি দিব খোজা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে এতিয়া প্ৰতিবাদৰ জোৱাৰ উঠিছে।

ইয়াৰ মাজতে ‘কেব’ বিৰোধী প্ৰতিবাদ দমনৰ বাবে তৎপৰ হৈছে চৰকাৰ তথা শাসক যন্ত্ৰ। এই উদ্দেশ্যে শিক্ষা বিভাগে জাৰি কৰিছে এক কঠোৰ নিৰ্দেশনা।

শিক্ষা বিভাগৰ এই নিৰ্দেশনা অনুসৰি এতিয়াৰে পৰা ‘কেব’ বিৰোধী কোনো ধৰণৰ প্ৰতিবাদ তথা আন্দোলনতে অংশ গ্ৰহণ কৰিব নোৱাৰিব ছাত্ৰ-ছাত্ৰীয়ে।

শিক্ষা বিভাগে জাৰি কৰা জাননী অনুসৰি বিদ্যালয়ৰ কোনো ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়ৰ সময়ত ‘কেব’ বিৰোধী বা অন্য কোনো ধৰণৰ প্ৰতিবাদী আন্দোলনত অংশ গ্ৰহণ কৰিব নোৱাৰিব।

লগতে বিদ্যালয় চৌহদৰ বাহিৰতো বিদ্যালয়ৰ য়ুনিফৰ্ম পিন্ধি ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদী আন্দোলনত অংশ গ্ৰহণ কৰিব নোৱাৰিব বুলি উল্লেখ কৰে।

তাৰোপৰি জাননীখনত শিক্ষা বিভাগে এই কথাও উল্লেখ কৰে যে এই নিয়ম ভংগ হ’লে সেই শিক্ষানুষ্ঠানৰ অধ্যক্ষ তথা প্ৰধান শিক্ষকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।

Related News