NORTHEAST NOW (Assamese)
অসম

উচ্চতম ন্যায়ালয়লৈ নোযোৱাকৈও NRC-ৰ পুনৰীক্ষণৰ ক্ষমতা আইনগতভাৱে চৰকাৰৰ হাতত আছে : উপমন্যু হাজৰিকা

Posted by: শান্তনু শইকীয়া Updated by: শান্তনু শইকীয়া September 10, 2019 8:51 pm
Upamanyu Hazarika

সময়ত উপযুক্ত তথা প্ৰয়োজনীয় শুধৰণিৰ ব্যৱস্থা নোলোৱা বাবেই আজি এন আৰ চিখন অসম আন্দোলনৰ বিফলতাৰ দলিল হ’ল বুলি মন্তব্য কৰি তাৰ বাবে চৰকাৰক জগৰীয়া কৰিছে জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই।

হাজৰিকাই আজি গুৱাহাটী প্ৰেছ ক্লাবত এন আৰ চিত ৰৈ যোৱা বিসংগতি সম্পৰ্কত এখন সংবাদমেল দিয়ে।

উচ্চতম ন্যায়ালয়ৰ এজন অধিবক্তা হাজৰিকাই দাবী কৰে যে এন আৰ চি এতিয়াও পুনৰীক্ষণ আৰু শুধৰণি কৰা সম্ভৱ। তাৰ উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ কোনো প্ৰয়োজন নাই, সেইটো কৰিবলৈ চৰকাৰক সংবিধানে আইনগত অধিকাৰ দি থৈছে।

“এন আৰ চিৰ পুনৰীক্ষণ ক্ষমতা আইনগতভাৱে চৰকাৰক প্ৰদান কৰা হৈছে। এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ত আবেদন কৰাৰ যি প্ৰস্তুতি চৰকাৰে চলাব বুলি কৈছে তাৰ আচলতে প্ৰয়োজনেই নাই”, হাজৰিকাৰ মন্তব্য।

“এন আৰ চি  প্ৰকাশ হৈছে নাগৰিকত্ব আইনৰ ১৯৫৫-ৰ অধীনত ঘোষিত ( নাগৰিক পঞ্জীয়ন আৰু পৰিচয় পত্ৰ) অধিনিয়ম ২০০৩ অধীনত। এই অধিনিয়মৰ অন্তৰ্গত সমগ্ৰ ভাৰতৰ বাবে এন আৰ চি সংগ্ৰহ কৰা প্ৰক্ৰিয়াৰ ওপৰি  বিশেষ এটা Schedule দ্বাৰা অসমত এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়া প্ৰকাশ কৰা হৈছে। এন আৰ চি খচৰাৰ ক্ষেত্ৰত ৪ নং দফাৰ অধীনত উপায়ুক্তক পুনৰীক্ষণৰ অধিকাৰ প্ৰদান কৰা হৈছে”, তেওঁ কয়।

যোৱা বছৰৰ ২৮ আগষ্টত উচ্চতম ন্যায়ালয়ে ১০ শতাংশ পুনৰীক্ষণৰ নিৰ্দেশ দিছিল আৰু ৰাজ্য চৰকাৰৰ পুনৰীক্ষণৰ ব্যৱস্থা ল’বলৈ এই দফাৰ অন্তৰ্গত অধিকাৰ সকলো সময়তে আছিল। কিন্তু তাকে নকৰি চূড়ান্ত এন আৰ চি প্ৰকাশৰ প্ৰাকমুহূৰ্তত চৰকাৰে উচ্চতম ন্যায়ালয়ত কোনো তথ্য নিদিয়াকৈ আবেদন কৰিলে, যিখন উচ্চতম ন্যায়ালয়ে নাকচ কৰিলে, হাজেলাৰ দাবী।

“২০০৩ অধিনিয়মৰ ১০নং দফাই এন আৰ চি পঞ্জীয়ন কৰ্তৃপক্ষক অধিকাৰ দিছে যে যিসকল ব্যক্তিয়ে ভুল বা মিছা তথ্য দি এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰিছে তেওঁলোকৰ নাম কৰ্তন কৰিব পাৰে”, হাজৰিকাই কয়।

এই দিশবোৰ দৃষ্টিগোচৰ কৰি হাজৰিকাই প্ৰধান মন্ত্ৰী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী আৰু অসমৰ মুখ্য মন্ত্ৰীলৈ স্মাৰক পত্ৰ আগবঢ়োৱাৰ কথা সংবাদমেলত জানিবলৈ দিয়ে।

এন আৰ চিয়ে  যিহেতু খিলঞ্জীয়াক সংখ্যালঘু হোৱাৰ পৰা বচাব নোৱাৰে, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ দুয়ো মিলি অতি শীঘ্ৰে আইনৰ ব্যৱস্থা লওক, যাৰ দ্বাৰা ১৯৫১ চনৰ অসমত বসবাস কৰা নাগৰিক আৰু তেওঁলোকৰ সতি-সন্ততিৰ বাবে ভূমি, চাকৰি, ব্যৱসায় ইত্যাদি সংৰক্ষণ হয়। স্মাৰকপত্ৰখনত হাজৰিকাই এইদৰে লিখা বুলি সংবাদমেলত কয়।