NORTHEAST NOW (Assamese)
অসম

ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত পৃথক বড়োলেণ্ড গঠনৰ দাবীৰে আবছুৰ নেতৃত্বত চিৰাঙত বিশাল প্ৰতিবাদী ৰেলী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 10, 2019 9:15 pm
Pramod-Boro

সদৌ বড়ো ছাত্ৰ সন্থা (আবছু), এনডিএফবি (পি) আৰু পি জে এ চি বি এমে মঙলবাৰে পৃথক বড়োলেণ্ড গঠনৰ দাবীৰে চিৰাঙত বিশাল ৰেলীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী সকলে ভাৰতীয় সংবিধানৰ ২ নং আৰু ৩ নং অনুচ্ছেদ অনুসৰি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত সুকীয়া বড়োলেণ্ড গঠনৰ দাবী তোলে।

প্ৰতিবাদ ৰেলীত আবছুৰ সভাপতি প্ৰমোদ বড়ো, এনডিএফবি(পি)ৰ সভাপতি গোবিন্দ বসুমতাৰী আৰু পিজেএচিবিএমৰ নেতা ৰাকেশ বড়োই প্ৰতিবাদকাৰীক সকলক সম্বোধন কৰে।

কেন্দ্ৰই জম্মু-কাশ্মীৰৰ পৰা লাডাখক পৃথক কৰি সুকীয়া কেন্দ্ৰ শাসিত অঞ্চল হিচাপে ঘোষণা কৰাৰ প্ৰসংগ উত্থাপন কৰি প্ৰতিবাদকাৰীসকলে সুকীয়া বড়োলেণ্ডৰ দীৰ্ঘদিনীয়া দাবী পুৰণ কৰাৰ বাবে দাবী জনায়।

‘‘আমি চৰকাৰক দীৰ্ঘদিনীয়া বড়োলেণ্ডৰ দাবী পুৰণ কৰাৰ বাবে আহ্বান জনাইছো। বড়োলেণ্ডৰ দাবী দেশৰ ভিতৰত এটা পুৰণা দাবী। পৃথক তেলেংগানা গঠনতকৈও পৃথক বড়োলেণ্ড গঠনৰ দাবী পুৰণি’’-যুটীয়া বক্তব্যত প্ৰতিবাদৰ নেতৃত্ব দিয়া সংগঠনকেইটাই উল্লেখ কৰে।

প্ৰতিবাদকাৰী সংগঠনকেইটাৰ নেতৃত্বই বড়ো আন্দোলনৰ ইতিহাসক এক ৰক্তক্ষয়ী অধ্যায় আখ্যা দি এই আন্দোলনত প্ৰায় ৫০০০ নিৰপৰাধী লোকে প্ৰাণ হেৰুৱাৰ লগতে ২০,০০০ তকৈ অধিক লোকে কাৰাবাস খাটিবলগীয়া হৈছে বুলি কয়।

সুকীয়া বড়োলেণ্ড ৰাজ্য গঠনৰ বাবে ভাৰতীয় সংবিধান অনুসৰি থাকিবলগীয়া সকলো অৰ্হতা থকাৰ পাছতো কেন্দ্ৰ চৰকাৰে পৃথক বড়োলেণ্ড গঠনৰ বাবে সৎভাৱ নেদেখুৱাটো আশ্বৰ্য্যকৰ দিশ হিচাপে পৰিগণিত হৈছে বুলিও প্ৰতিবাদকাৰী সকলে কয়।

প্ৰতিবাদকাৰী সকলে কেন্দ্ৰীয় চৰকাৰক পৃথক বড়োলেণ্ড গঠনৰ বাবে পলম নকৰিবলৈ আহ্বান জনাই তেওঁলোককো প্ৰধান মন্ত্ৰীৰ সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস নীতিক অনুভৱ কৰিবলৈ সুযোগ দিবৰ বাবে অনুৰোধ কৰে।