NORTHEAST NOW (Assamese)
ফেচবুক কৰ্ণাৰ

ফেচবুক কৰ্ণাৰ: মুখ্যমন্ত্ৰীলৈ দোভাগ নিশা ফোন বলীউড বাদশ্বাহৰ

Posted by: মানস জ্যোতি বৰুৱা Updated by: মানস জ্যোতি বৰুৱা January 22, 2023 7:25 pm
Shah Rukh Khan's phone call to Assam CM

বলীউডৰ বহুচৰ্চিত ছবি, চুপাৰষ্টাৰ শ্বাহৰুখ খান অভিনীত ‘পাঠান’ বিতৰ্কই দেশজুৰি বতাহ গৰম কৰি ৰখাৰ সমান্তৰালকৈ শেহতীয়াকৈ স্পৰ্শ কৰিছে অসমকো। শেহতীয়াকৈ মহানগৰত এক হিন্দুত্ববাদী সংগঠনৰ সদস্যই পাঠানৰ পোষ্টাৰ ফালি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে চিনেমাখন প্ৰদৰ্শন কৰা চিনেমা হল ভাঙি দিয়াৰো হুংকাৰ দিছিল।

এনে বিতৰ্কৰ মাজতে শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ সৈতে বাৰ্তালাপৰ সময়ত পাঠান সন্দৰ্ভত মন্তব্য কৰোঁতে ‘কোন শ্বাহৰুখ খান’ বুলি প্ৰশ্ন কৰিছিল। লগতে মুখ্যমন্ত্ৰী শৰ্মাই এতিয়ালৈকে শ্বাহৰুখ খানে তেওঁক ফোন কৰা নাই বুলি মন্তব্য কৰি কিবা প্ৰয়োজন হ’লে বলীউড বাদশ্বাহ খানে নিজেই ফোন কৰিব বুলিও মন্তব্য কৰিছিল।

আজি পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত শ্বাহৰুখ খানে নিশা ২ বজাত তেওঁক ফোন কৰা বুলি সদৰী কৰে। মুখ্যমন্ত্ৰীৰ পোষ্টৰ পাছতে সামাজিক মাধ্যমত একাংশ লোকে হাস্যৰসাত্মক মন্তব্য কৰা পৰিলক্ষিত হৈছে। ফেচবুকত এনে এক হাস্যমধুৰ পোষ্ট দিছে মানস জ্যোতি বৰুৱা নামৰ এগৰাকী ব্যক্তিয়ে।

মানস জ্যোতি বৰুৱাৰ ফেচবুক পোষ্টটো তলত সংলগ্ন কৰা হৈছে:

“বলৌ বলৌ ভাৰত মাতা কি জয়”-” বলৌ বলৌ ভাৰত মাতা কি জয়”…..
দোভাগ নিশা হঠাৎ এনেদৰেই বাজি উঠিল ছাৰৰ ফোনটোৰ ৰিংটন।
উস্।অসহ্যকৰ।
লেপৰ তলতেই লাহেকৈ বাগৰ সলাই ফোনটো চালে। অচিনাকি নম্বৰ। ৰিংটনতো মিউট কৰি ছাৰ শুই দিলে।পিছে,টোপনি নাহিলেই।আকৌ..
“বলৌ বলৌ ভাৰত মাতা কি জয়”,”বলৌ বলৌ ভাৰত মাতা কি জয়” – বাজি উঠিল ছাৰৰ ফোনটো।
হেল্ল’
একপ্ৰকাৰ টানকৈয়ে ছাৰে কʼলে।
ছাৰ জি,ছাৰ জি,মে শ্বাহৰুখ খান বʼল ৰহা হু।
হু! কৌন চাহৰুখ খান?
ছাৰ মে মে! মে শ্বাহৰুখ খান
আচ্ছা,হামাৰে কমিছনাৰ আদিল খান কে ভাই হে কিয়া?
নেহী নেহী ছাৰ। মে এক্টৰ শ্বাহৰুখ খান। মুম্বাই মে ৰেহনেৱালা। ৱৌ জো বাজিগৰ,দিলৱালে দুলহনীয়া লে জায়েংগে,দেৱদাস…
আচ্ছা- আচ্ছা, শুনা শুনা লাগা হে।ঠিক হে বৌল,ইত্নি ৰাতকো কিয়া হুৱা?
ছাৰ, একছূৱেলি মেৰা এক মভি আ ৰহা হে, পাঠান বোলকে।
হা হা। কাল চুঙা পাৰ্টী মুঝে পুছা থা।
হা ছাৰ। একছুৱেলি মেনে য়ে ফোন আপকো পেহলি হি কৰনা চাহিয়ে থা। গলটি হো গয়ী।
বিলকুল বিলকুল।শুনো খান,জৱ কাশ্মীৰ ফাইল মভি আয়া থা না,বিবেক জী মুঝে মভি ৰিলিজ হোনে কি দু মহিনা পেহলে ফোন কিয়া থা। অনুপম ভাইয়া নে তো আসাম আ কে মুঝে মিলা থা। তৌ দেখা না। মেনে হামাৰে কৰ্মচাৰী সমাজ কৌ মভি কমপালচৰী দেখনৌ কৌ ইনস্তাকচন দে দিয়া থা। অৰ্ধছুটি ভি দে দিয়া থা।
হা হা ছাৰ। পাঠান কে সাথ ভি এইছা কুছ কৰ দিজিয়ে না।
ওম। ইয়েতো মে অবহি বৌল নেহি পাওংগা। কিওকি তুম মিঞা হৌ গয়া না।
ছাৰ ঔ টো ৱৌৰ অচ্ছা হে। আপ মুঝে মিঞা মান লিয়া।
নেহি নেহি। য়ে মিঞা অলগ হে। তুম জো মিঞা ছমজতে হৌ,য়ে ৱৌ মিঞা নেহী হে। য়ে হামাৰে আসাম কা এক পলিটিকেল মিঞা হে। লুংগী ঔৰ টুপী আলা।
ঠিক্ ঠিক্।ঠিক্ হে ছাৰ। ফিৰ ভি কুছ কিজিয়ে ছাৰ।
অকে অকে। থোৰা সময় দিজিয়ে।
থেংক ইউ থেংক ইউ ছাৰ।।।।
হʼব হʼব । ফোন ৰাখো,কল মেৰা অৰুণোদয় কা চেক বিতৰণ কাৰ্যসূচী হে।
থেংক ইউ ছাৰ,থেংক ইউ।

(কেৱল ধেমালীৰ বাবে এই লেখা)